ETV Bharat / bharat

টুইটাৰৰ বিৰুদ্ধে ভাৰতৰ মানচিত্ৰ বিকৃত ৰূপত প্ৰকাশ কৰাৰ অভিযোগ

ভাৰতৰ মানচিত্ৰ বিকৃত ৰূপত প্ৰকাশ কৰাৰ অভিযোগত টুইটাৰৰ দুগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু উত্তৰ প্ৰদেশ আৰক্ষীৰ । বজৰং দলৰ এগৰাকী কাৰ্যকৰ্তাৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছে ।

UP police have filed an FIR against two senior officials of Twitter India over distorted india map
টুইটাৰৰ দুগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু উত্তৰ প্ৰদেশ আৰক্ষীৰ
author img

By

Published : Jun 29, 2021, 12:31 PM IST

নেশ্যনেল ডেস্ক, ২৯ জুন: টুইটাৰৰ দুগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ভাৰতৰ মানচিত্ৰ বিকৃত ৰূপত প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে সোঁপন্থী বজৰং দলৰ এজন কৰ্মকৰ্তাই । সোমবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ আৰক্ষীয়ে খুৰজা নগৰ আৰক্ষী থানাত এই অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰে । টুইটাৰ ইণ্ডিয়াই প্ৰকাশ কৰা মানচিত্ৰখনত জম্মু-কাশ্মীৰ, লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলক ভাৰতৰ সীমাৰ বাহিৰত দেখুওৱা হৈছে ।

মানচিত্ৰখনত থকা এই ভুল তথ্য দৃষ্টিগোচৰ হোৱাৰ পাছতে সোমবাৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । পিছত সোমবাৰে সন্ধিয়া টুইটাৰে সেই মানচিত্ৰখন আঁতৰাই দিয়ে । বজৰং দলৰ পশ্চিম উত্তৰ প্ৰদেশৰ আহ্বায়ক প্ৰবীণ ভাটিয়ে অভিযোগ উত্তাপন কৰিছে যে, টুইটাৰত উপস্থাপন কৰা বিশ্বৰ মানচিত্ৰখনত লাডাখ, জম্মু-কাশ্মীৰক ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাই । এয়া অনিচ্ছাকৃত ভুল নহয় ।

এই কাৰ্যই তেওঁৰ লগতে সকলো ভাৰতীয়ৰ অনুভূতিক আঘাত হানিছে বুলি ক্ষোভ উজাৰে প্ৰবীণ ভাটি । এজাহাৰখন টুইটাৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক মনীষ মহেশ্বৰী আৰু বাতৰি অংশীদাৰিত্বৰ মুৰব্বী অমৃতা ত্ৰিপাঠীৰ বিৰুদ্ধে দাখিল কৰা হৈছে । ভাৰতীয় দণ্ডবিধিৰ ৫০৫ (২)নং ধাৰাৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে ।

তথ্য প্ৰযুক্তি আইনৰ ৭৪ নং ধাৰা(প্ৰৱঞ্চনামূলক উদ্দেশ্যৰ বাবে প্ৰকাশন)ৰ অধীনতো অভিযোগ উত্থাপন কৰা হৈছে । 'টুইপ লাইফ'(Tweep Life) শিৰোনাম দি টুইটাৰ ৱেবছাইটৰ কেৰিয়াৰ শাখাত প্ৰকাশ পোৱা এই ভুল মানচিত্ৰখনক লৈ তীব্ৰ সমালোচনা কৰিছে ব্যৱহাৰকাৰীসকলে । ইয়াৰ পূৰ্বেও টুইটাৰে লেহক চীনৰ অংশ হিচাপে দেখুৱাইছিল । সেয়ে, এই কাৰ্য ইচ্ছাকৃতভাৱে কৰা হৈছে বুলি একাংশই অভিযোগ উত্থাপন কৰিছে ।

আনহাতে, মানচিত্ৰত বিসংগতি অথবা দেশৰ সীমাৰ তথ্য ভুল ৰূপত প্ৰকাশ কৰাতো এক স্পৰ্শকাতৰ বিষয় । ইপিনে, তথ্য প্ৰযুক্তিৰ নতুন নীতি পালন কৰা নকৰাক লৈ ইতিমধ্যে টুইটাৰ ইণ্ডিয়া আইনী মেৰ-পেচত সোমাই পৰিছে । এতিয়া পুনৰ মানচিত্ৰ বিতৰ্কই টুইটাৰলৈ নতুন সংকট মাতি আনিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ ৰাজনগৰত চিপিআইএম-বিজেপি কৰ্মীৰ প্ৰচণ্ড সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.