ETV Bharat / bharat

Top woman coder in India : লিংকডইনত বাৰ্ষিক ৬০ লাখ টকা পেকেজৰ সৈতে নিযুক্তি লাভ মুস্কানৰ

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 4:35 PM IST

দেশৰ শীৰ্ষ মহিলা কোডাৰ হৈ পৰিল উত্তৰ প্ৰদেশৰ হাথৰসৰ কন্যা মুস্কান আগৰৱালা । বৃহৎ আইটি কোম্পানী লিংকডইনে ৬০ লাখৰ পেকেজত তেওঁক নিযুক্তি দিছে ।

Top woman coder in India
লিংকডইনত বাৰ্ষিক ৬০ লাখ টকা পেকেজৰ সৈতে নিযুক্তি লাভ মুস্কানৰ

নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ : উত্তৰ প্ৰদেশৰ হাথৰসৰ এগৰাকী যুৱতীৰ সফলতা । ভাৰতীয় তথ্য প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান উনাৰ পৰা বি-টেক ডিগ্ৰী লাভ কৰা মুস্কান আগৰৱালে লাভ কৰিলে বাৰ্ষিক ৬০ লাখ টকাৰ পেকেজত নিযুক্তি । এই নিযুক্তিৰ পেকেজ তেওঁক প্ৰখ্যাত আইটি কোম্পানী লিংকডইনয়ে প্ৰদান কৰিছে । ৬০ লাখৰ পেকেজ লাভ কৰি তেওঁ ভাৰতৰ শীৰ্ষ মহিলা কোডাৰ হিচাপে পৰিগণিত হৈ পৰিছে ।

মুস্কান আগৰৱালে হাথৰসৰ ছেইণ্ট ফ্ৰান্সিছ স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ ২০১৫-১৬ বৰ্ষত উচ্চ বিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল । য'ত তেওঁ ১০.০ চিজিপিএ লাভ কৰিছিল । একে সময়তে, তেওঁ দ্বাদশ শ্ৰেণীত ৯২.৪ শতাংশ নম্বৰ লাভ কৰিছিল । ইয়াৰ পাছত, তেওঁ উচ্চ শিক্ষা লাভৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে । তেওঁ ৰাজস্থানৰ কোটালৈও গৈছিল আৰু জেইই পৰীক্ষাত অৱতীৰ্ণ হৈছিল । তাৰ পাছত তেওঁ ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান উনাত নামভৰ্তি কৰে । তেওঁ বি-টেকৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং অধ্যয়ন কৰে ।

মুস্কানে ২০১৯ চনত আইআইটি উনাত নামভৰ্তি কৰিছিল । পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পাছত, তেওঁ লিংকডইনত ছফ্টৱেৰ ডেভেলপমেণ্ট ইঞ্জিনিয়াৰ (এছ.ডি.ই.) ইণ্টাৰ্ন হিচাপে কাম কৰিছিল । এতিয়া তেওঁ একেটা কোম্পানীতে এছডিই হিচাপে নিযুক্তি লাভ কৰিছে । তেওঁৰ ভৱিষ্যৎ পৰিকল্পনা হৈছে ইয়াতকৈও ভাল কাম কৰা । ভৱিষ্যতে সুযোগ পালে মুস্কানে অধিক অধ্যয়ন কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে ।

বি-টেক অধ্যয়ন কৰাৰ অভিজ্ঞতা প্ৰকাশ কৰি মুস্কানে কয় যে যেতিয়া তেওঁ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল তাৰ ৬ মাহ পাছতে লকডাউন আৰম্ভ হৈছিল । গতিকে দ্বিতীয় আৰু তৃতীয় বৰ্ষৰ বেছিভাগ সময় তেওঁ ঘৰৰ পৰাই অধ্যয়ন অব্যাহত ৰাখিছিল । কিন্তু প্ৰথম বছৰৰ ৬ মাহ আৰু অন্তিম বছৰৰ এবছৰ সামগ্ৰিকভাৱে ডেৰ বছৰহে মহাবিদ্যালয়লৈ গৈছিল । মুস্কানৰ এই সফলতা হাথৰসৰ লোকসকলৰ বাবেও এক ডাঙৰ খবৰ । মুস্কানৰ সফলতাত আনন্দিত হৈছে লোকসকল ।

লগতে পঢ়ক :National Education Day 2023 : আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস, ইয়াৰ গুৰুত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.