ETV Bharat / bharat

কন্যাৰ কটা মূৰ হাতত লৈ আৰক্ষী থানাত উপস্থিত হ'ল হত্যাকাৰী পিতৃ - thursday

উত্তৰ প্ৰদেশত সংঘটিত হ'ল নৃশংস হত্যাকাণ্ড । পিতৃৰ হাতত প্ৰাণ গ'ল কন্যাৰ । তেজেৰে লুটুৰি-পুটুৰি হৈ থকা নিজ কন্যাৰ কটা মূৰ হাতত লৈ আৰক্ষী থানাত উপস্থিত হ'ল নিষ্ঠুৰ পিতৃ । ভটিজাক সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বিষয়ে অৱগত হোৱাৰ পিছতে পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে নিজ কন্যাক ।

উত্তৰ প্ৰদেশত পিতৃৰ হাতত প্ৰাণ গ'ল কন্যাৰ

author img

By

Published : Mar 4, 2021, 8:43 PM IST

নেশ্যনেল ডেস্ক, ৪ মাৰ্চ: এক শিহৰণকাৰী ঘটনাই কঁপালে উত্তৰ প্ৰদেশৰ পাণ্ডেইতাৰা । পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে কন্যাক । কন্যাক হত্যা কৰি ক্ষান্ত নাথাকিল নিষ্ঠুৰ পিতৃ । কন্যাৰ কটা মূৰ হাতত লৈ হত্যাকাৰী পিতৃ উপস্থিত হ'ল মঝিলা আৰক্ষী থানাত । হাৰ্দই আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে নিশা এই ঘটনা সংঘটিত হয় । ভটিজাকৰ সৈতে নিজ কন্যাৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বিষয়ে গম পাইছিল হত্যাকাৰী পিতৃ সৰ্ৱেশ কুমাৰে ।

কেইদিনমান পূৰ্বে সৰ্ৱেশে নিজ কন্যাক ভটিজাকৰ সৈতে আপত্তিজনক অৱস্থাত থকা প্ৰত্যক্ষ কৰিছিল । ইয়াৰ পিছৰে পৰা তেওঁ নিৰাশ হৈ পৰিছিল । পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া সৰ্ৱেজে কন্যাক শিক্ষা দিয়াৰ বাবে পৰিকল্পনা কৰিছিল । বুধবাৰে সৰ্ৱেশ পলমকৈ ঘৰত উপস্থিত হৈছিল আৰু দাৰে ঘপিয়াই নিজ কন্যাৰ শিৰচ্ছেদ কৰে । ইয়াৰ পিছতে তেজেৰে লুটুৰি-পুটুৰি হৈ থকা নিজ কন্যাৰ কটা মূৰ হাতত লৈ সৰ্ৱেশ মহিলা আৰক্ষী থানাত উপস্থিত হয় ।

হাৰ্দইৰ আৰক্ষী অধীক্ষক আশিস দ্বিৱেদীয়ে জনোৱা মতে, মৃত কিশোৰীগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আৰু পৰিয়ালৰ চাৰিটা সন্তানৰ ভিতৰত চতুৰ্থ আছিল । ঘটনাৰ পিছতে আৰক্ষীয়ে হত্যাকাৰী সৰ্ৱেশক গ্ৰেপ্তাৰ কৰে আৰু কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

আনহাতে, এগৰাকী আৰক্ষী কনিষ্টবলে কিশোৰীগৰাকীৰ কটা মূৰ হাতত লৈ থকা এটা ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু ইয়াৰ পিছতে লক্ষ্ণৌৰ আই জি লক্ষ্মী সিঙে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি মঝিলা আৰক্ষী থানাত নিয়োজিত আৰক্ষী কনিষ্টবলগৰাকীক নিলম্বন কৰে ।

লগতে পঢ়ক:পশ্চিমবংগৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে শিৱ সেনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.