ETV Bharat / bharat

আগ্ৰাৰ ৰাজপথত দিনতে অধিবক্তাক গুলিয়াই হত্যা

আৰক্ষীয়ে ব্যক্তিগত শত্ৰুতাৰ ফলত কোনো লোকে অধিবক্তাজনক হত্যা কৰোৱাৰ সন্দেহ কৰিছে ।

author img

By

Published : Dec 20, 2020, 10:04 AM IST

আগ্ৰাৰ ৰাজপথত দিনতে অধিবক্তাক গুলিয়াই হত্যা
UP lawyer shot dead by unidentified assailants

আগ্ৰা, ২০ ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ আগ্ৰাৰ তাজনাগৰী আৰক্ষী থানাৰ অন্তৰ্গত শ্বীড নগৰত শনিবাৰে বাইকত অহা দুই দুষ্কৃতিকাৰীয়ে এজন অধিবক্তাক গুলিয়াই হত্যা কৰে ।মৃত অধিবক্তাজনক অঞ্চলটোৰে বাসিন্দা হৰিশ পাচাউৰী বুলি চিনাক্ত কৰা হৈছে ।

অধিবক্তাজন পুৱা কোনো স্থানলৈ ওলাই যাওঁতে বাইকত অহা দুষ্কৃতিকাৰী দুজনে তেওঁলৈ লক্ষ্য কৰি তিনি-চাৰিজাঁই গুলি চালনা কৰি সেই স্থানৰ পৰা পলায়ন কৰে । লগে লগে স্থানীয় লোকে পাচাউৰীক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। এই ঘটনাৰ তথ্য লাভ কৰাৰ পাছত আগ্ৰা আৰক্ষী উক্ত স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

দুষ্কৃতিকাৰীয়ে অধিবক্তাজনক হত্যা কৰাৰ পাছত ধন আৰু অন্যান্য মূল্যৱান সামগ্ৰী লুট নকৰাত আৰক্ষীয়ে এই ঘটনা ডকাইতিৰ উদ্দেশ্যেৰে সংঘটিত কৰা হোৱা নাছিল বুলি ধাৰণা কৰিছে ৷ ব্যক্তিগত শত্ৰুতাৰ ফলত কোনো লোকে অধিবক্তাজনক হত্যা কৰোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । অভিযুক্তক চিনাক্ত কৰিবলৈ ইতিমধ্যে আৰক্ষীয়ে অঞ্চলটোৰ সকলো চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে ।

লগতে পঢ়কঃনিৰ্বাচনমুখী পাঁচ ৰাজ্যলৈ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.