ETV Bharat / bharat

UP Election 2022: উত্তৰ প্ৰদেশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ - উত্তৰ প্ৰদেশ আৰক্ষী

উত্তৰ প্ৰদেশৰ ১১ খন জিলাৰ মুঠ ৫৮ টা সমষ্টিত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ (1st phase polling begins in Uttar Pradesh)। প্ৰায় ২.২৭ কোটি ভোটাৰে ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

UP Election 2022
উত্তৰ প্ৰদেশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
author img

By

Published : Feb 10, 2022, 11:30 AM IST

নেশ্যনেল ডেস্ক, ১০ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ ১১ খন জিলাক সামৰি ৫৮ টা বিধানসভা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৭ বজাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ (1st phase polling begins in Uttar Pradesh)। সন্ধিয়া ৬ বজাৰ লগে লগে এই ভোটগ্ৰহণ সমাপ্ত হ'ব । প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ পশ্চিম অংশৰ 'জাট-প্ৰভাৱশালী বেল্ট' সামৰি লোৱা হৈছে ।

ভোটগ্ৰহণ চলি থকা জিলাসমূহৰ ভিতৰত আছে মথুৰা, মুজাফ্ফৰনগৰ, মীৰাট, গাজিয়াবাদ, বুলন্দচহৰ, হাপুৰ, চামলি, বাগপত, আলিগড়, আগ্ৰা আৰু গৌতম বুদ্ধ নগৰ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচন (UP assembly election 2022) অনুষ্ঠিত হোৱা সমষ্টিবোৰত প্ৰায় ৬২৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আনহাতে প্ৰায় ২.২৭ কোটি ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত, এই বছৰৰ সমগ্ৰ নিৰ্বাচনী প্ৰচাৰত বিশেষভাৱে ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰা সমষ্টিবোৰ হৈছে নয়ডা, কৈৰানা আৰু মীৰাট ।

নয়ডা বিধানসভা আসনৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পুত্ৰ পংকজ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আনহাতে কংগ্ৰেছে পাংখুৰী পাঠকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । পাংখুৰী পাঠক বাবে দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ঘৰে ঘৰে প্ৰচাৰ চলাইছিল । বহুজন সমাজ পাৰ্টিয়ে (বিএছপি) কৃপাৰাম শৰ্মাক এই আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু সমাজবাদী পাৰ্টিৰ (এছপি) সুনীল চৌধুৰীও এই আসনৰ প্ৰাৰ্থী ।

এছপি নেতা ৰফিক আনছাৰীয়ে এটা ভিডিঅ'ত "হিন্দুগাৰ্ডি" মন্তব্য দিয়াৰ পাছতে মীৰাট বিধানসভা আসনখন আলোচনাৰ বিষয় হৈ পৰিছে । বিজেপিয়ে কমল দত্ত শৰ্মাক তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । কংগ্ৰেছৰ ৰঞ্জন শৰ্মা আৰু বিএছপিৰ মহম্মদ দিলশাদেও এই আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

হিন্দুসকলৰ প্ৰব্ৰজনৰ বাবে শিৰোনাম দখল কৰা কৈৰানা বিধানসভা আসনখনক লৈ বিজেপিয়ে বিশেষ তৎপৰতা দেখুৱাইছিল । এছপিয়ে নাহিদ হাছানক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে য'ত বিজেপিৰ প্ৰাৰ্থী হৈছে মৃগানকা সিং । আগ্ৰা গ্ৰাম্য (এছচি) আসনৰ বাবে এছপি নেতা মহেশ কুমাৰ জাটৱে উত্তৰাখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল তথা বিজেপি নেতা বেবী ৰাণী মৌৰ্যৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে । কংগ্ৰেছৰ উপেন্দ্ৰ সিং আৰু বিএছপিৰ কিৰণ প্ৰভা কেশৰীও এই সমষ্টিৰ প্ৰাৰ্থী ।

ইফালে মঙলবাৰে সন্ধিয়া পশ্চিম উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হোৱাৰ লগে লগে আইন-শৃংখলা বজাই ৰখাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ৪১২ টা কোম্পানীৰ প্ৰায় ৫০,০০০ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে । উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজ্যখনৰ সীমান্ত অঞ্চল বন্ধ কৰি দিছে আৰু নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৫৮ টা বিধানসভা সমষ্টিত শান্তি বজাই ৰখাৰ বাবে কঠোৰ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :UP Election 2022: থোৰতে জানক উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ বিষয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.