ETV Bharat / bharat

UP third phase polls : ৯ বজালৈ ৮.১৯ শতাংশ ভোটদান - অখিলেশ যাদৱে কাৰহাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে

দেওবাৰে পুৱাৰে পৰা চলিছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (UP third phase polls)। ১৬ খন জিলাৰ ৫৯ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে । প্ৰায় ২.১৬ কোটি ভোটাৰে ভৱিষ্যৎ নিৰ্ণয় কৰিব ৬২৭ গৰাকী প্ৰাৰ্থীৰ ।

UP third phase polls
উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
author img

By

Published : Feb 20, 2022, 12:05 PM IST

নেশ্যনেল ডেস্ক,২০ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদান (UP third phase polls) দেওবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে । তথ্য অনুসৰি ৯ বজালৈকে ৮.১৯ শতাংশতকৈও অধিক ভোটদান সম্পন্ন হৈছে । এই পৰ্যায়ত, ১৬ খন জিলাৰ ৫৯ টা বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে । জিলাসমূহ হৈছে ফিৰোজাবাদ, মৈনপুৰী, ইটাহ, কাচগঞ্জ, হাতৰাছ, কানপুৰ, কানপুৰ দেহাট, উৰিয়া, ফাৰুখাবাদ, কনৌজ, ইটাৱা, ঝাঁচী, জালাউন, ললিতপুৰ, হামিৰপুৰ আৰু মহোবা।

সৰ্বাধিক ৬২৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে উক্ত সমষ্টি কেইটাত । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ২.১৬ কোটিতকৈও অধিক ভোটাৰে ২৫,৭৯৪ টাকৈ স্থানত আৰু ১৫,৫৫৭ টা ভোটকেন্দ্ৰত ভোটদান কৰিছে । গুৰুত্বপূৰ্ণ সমষ্টিসমূহৰ ভিতৰত আছে কাৰহাল য'ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে প্ৰতিদ্বন্দিতা আগবঢ়াইছে (Akhilesh Yadav is contesting from Karhal constituency)। বিজেপিয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সত্য পাল সিং বাঘেলক অখিলেশ যাদৱৰ বিৰুদ্ধে থিয় কৰাইছে ।

যশৱন্তনগৰ আসনৰ পৰা অখিলেশ যাদৱৰ খুৰাক আৰু প্ৰগতিশীল সমাজবাদী পাৰ্টি (লোহিয়া)ৰ সৰ্বোচ্চ নেতা শিৱপাল সিং যাদৱ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । উত্তৰ প্ৰদেশত নিৰ্বাচন সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু ৭ মাৰ্চত সমাপ্ত হ'ব নিৰ্বাচন ।

উত্তৰ প্ৰদেশৰ উপৰিও গোৱা আৰু উত্তৰাখণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ শেহতীয়াকৈ সমাপ্ত হৈছে । মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, পাঞ্জাৱ আৰু মণিপুৰত ভোটগণনা ১০ মাৰ্চৰ পৰা আৰম্ভ হ'ব ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশ নিৰ্বাচন : চেন্ট্ৰেল ইউ পি, বুন্দেলখণ্ড হ’ব বিজেপিৰ বাবে কঠিন প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.