ETV Bharat / bharat

Unique love: "মই মোৰ পত্নীক বহুত ভাল পাঁও"- প্ৰয়াত পত্নীৰ স্মৃতিত প্ৰতিমূৰ্তি স্থাপন কৰি উপাসনা স্বামীৰ

author img

By

Published : Aug 7, 2023, 9:59 PM IST

"মন্দিৰত উপাসনা কৰিলে মই তেওঁৰ সৈতে থকাৰ দৰে অনুভৱ কৰোঁ ৷"- পত্নী প্ৰেমৰ বিৰল নিদৰ্শন ৷ প্ৰয়াত পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ স্বামীয়ে এক মন্দিৰ নিৰ্মাণ কৰি পত্নীৰ প্ৰতিমূৰ্তি স্থাপন কৰি পুৱা, সন্ধিয়া উপাসনা কৰে ৷

husband built temple in memory of wife
মই মোৰ পত্নীক বহুত ভাল পাঁও
মই মোৰ পত্নীক বহুত ভাল পাঁও

নেশ্যনেল ডেস্ক, 7 আগষ্ট : প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ মোগল সম্ৰাট শ্বাহজাহানেও তেওঁৰ পত্নী মুমতাজৰ স্মৃতিত আগ্ৰাত তেওঁৰ সমাধিৰ ওপৰত বিশ্বৰ অন্যতম আশ্চৰ্য তাজমহল নিৰ্মাণ কৰি প্ৰেমৰ বিৰল নিদৰ্শন দাঙি ধৰিছিল ৷

এইবাৰ উত্তৰ প্ৰদেশৰ এখন জিলাত তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে ৷ এগৰাকী লোকৰ পত্নী প্ৰেমে আপোনাকো আচৰিত কৰি তুলিব ৷ প্ৰয়াত পত্নীৰ স্মৃতি জীয়াই ৰাখিবলৈ স্বামীয়ে এক মন্দিৰ নিৰ্মাণ কৰি পত্নীৰ প্ৰতিমূৰ্তি স্থাপন কৰি পুৱা, সন্ধিয়া উপাসনা কৰে ৷

আজি আমি আপোনালোকক ক’বলৈ ওলাইছে ৰাম সেৱক নামৰ এজন লোকৰ প্ৰেম কাহিনীৰ বিষয়ে ৷ 1977 চনৰ 18 মে’ ৰূপাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰামে ৷ তেওঁলোকৰ 5 টা সন্তান আছে ৷

কৰ’ণাৰ সময়ত 2020 চনৰ 18 মে’ত তেওঁৰ পত্নী ৰূপাই ইহসংসাৰৰ পৰা মেলানি মাগিছিল ৷ পত্নী অবিহনে ৰামে জীৱন অতিবাহিত কৰাটো একপ্ৰকাৰে অসম্ভৱ হৈ পৰিছিল ৷ তেওঁ নিজকে ব্যস্ত ৰাখি পত্নীক পাহৰি যাবলৈ যথাসাধ্য চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল ৷

এদিন ৰামে প্ৰতিদিনৰ দৰে কাৰ্যালয়ৰ পৰা আহি ঘৰত বহি পত্নীক সুঁৱৰি থাকোঁতে তেওঁৰ মনলৈ এটা উপায় আহে ৷ তেওঁ যিহেতু তেওঁৰ পত্নীক ঘূৰাই অনাটো সম্ভৱ নহয়, গতিকে তেওঁ পত্নীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে এটা মন্দিৰ নিৰ্মাণৰ পৰিকল্পনা কৰিলে ৷ তাৰ পিচত ভবামতেই কাম ৷ পত্নীৰ স্মৃতিত ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত পথাৰত এটা মন্দিৰ নিৰ্মাণ কৰিলে । তেওঁ তাত তেওঁৰ পত্নীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিলে ৷ তাৰ পাচত প্ৰতিদিনে ৰামৰ সৈতে ঘৰৰ পৰিয়ালৰ লোকে প্ৰতিমূৰ্তিটো পুৱা আৰু সন্ধিয়া উপাসনা কৰিবলৈ আৰম্ভ কৰে ৷

ৰাম সেৱকে পত্নীৰ সন্দৰ্ভত কয়, "ৰূপাৰ বহুতো গুণ আছিল ৷ তেওঁ এগৰাকী সম্পূৰ্ণ নিষ্ঠাবান মহিলা আছিল ৷ তেওঁ মোৰ সেৱাক নিজৰ ধৰ্ম হিচাপে গণ্য কৰিছিল ৷ জীৱনত বহুতো বেদনাদায়ক পৰ্যায় পাৰ হৈ গৈছিল, কিন্তু তেওঁ নিজকে নিৰাশ কৰা নাছিল বা মোকো ভাঙি পৰিবলৈ দিয়া নাছিল ৷ তেওঁ মোৰ লগত ছাঁৰ দৰে বাস কৰিছিল ৷ তেওঁ মোক কোনো কাম কৰিবলৈ দিয়া নাছিল ৷ অফিচৰ পৰা ঘৰলৈ উভতি অহাৰ পিচত, মই নহালৈকে তেঁও ভোজনো নকৰিছিল ৷ যেতিয়ালৈকে তেওঁ আমাৰ লগত আছিল, আমাৰ পৰিয়ালটোৱে সুখেৰে বাস কৰিছিলো ৷ ৰূপাই 2020 চনৰ 18 মে’ত মোক এৰি এই সংসাৰৰ পৰা বিদায় লৈছিল ৷ তেওঁ যোৱাৰ পিচত, মই অস্থিৰ হৈ পৰিছিলো, মই য'লৈকে গৈছিলো, ৰূপাৰ স্মৃতিয়ে সদায় মোক আমনি কৰিছিল ৷"

"মোক প্ৰথমে গাঁওবাসীয়ে মন্দিৰ নিৰ্মাণ কৰাৰ বাবে উপহাস কৰিছিল, কিন্তু এতিয়া সকলো স্বাভাৱিক হৈ পৰিছে ৷ মন্দিৰত উপাসনা কৰিলে মই তেওঁৰ সৈতে থকাৰ দৰে অনুভৱ কৰোঁ ৷ মোৰ মনটোৱে শান্তি পায়, যদিও মোৰ পত্নী চকুৰ পৰা আঁতৰত আন এখন পৃথিৱীত আছে, কিন্তু আজিও সকলো সময়তে তেওঁৰ উপস্থিতি অনুভৱ কৰোঁ ৷ ৰূপাৰ স্মৃতিত এই মন্দিৰ নিৰ্মাণ কৰি মই বহুত সুখী ৷ মই প্ৰতি বছৰে মন্দিৰৰ প্ৰতিষ্ঠা দিৱসও উদযাপন কৰোঁ । মই নৱেম্বৰত মন্দিৰত ভাণ্ডাৰাও আয়োজন কৰোঁ ৷ ৰূপা মোৰ বাবে সকলো আছিল, মই মোৰ গোটেই জীৱনটো তেওঁৰ স্মৃতিৰ লগত কটাব বিচাৰোঁ ৷" ৰামে আবেগিক হৈ পত্নীৰ স্মৃতিত এই কথা সদৰী কৰে ৷

লগতে পঢ়ক: Benefits Of Red Guava: ৰঙা মধুৰি আমৰ এই উপকাৰিতা জানি আপুনি হৈ পৰিব আচৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.