ETV Bharat / bharat

Attack on minister house: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ - কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী

কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ (Attack on minister V Muraleedharan house) ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই সংঘটিত কৰে এই আক্ৰমণৰ ঘটনা ৷ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ (Minister V Muraleedharan) ৷

Attack on minister's house
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰনৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
author img

By

Published : Feb 10, 2023, 9:08 AM IST

নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী (Minister of state for external affairs) ভি মুৰলীধৰণৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ ৷ বুধবাৰে মাজনিশা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ গৃহত সংঘটিত হয় এই ঘটনা ৷ দুৰ্বৃত্তই ভাঙি চূচুৰ্মৈ কৰিলে মন্ত্ৰীগৰাকীৰ বাসগৃহৰ খিৰিকিৰ কাঁচ (External affairs V Muraleedharan house vandalised) ৷ লগতে ঘৰৰ চিৰিত পোৱা গৈছে তেজৰ চেকুঁৰা ৷ মন্ত্ৰীগৰাকীৰ তিৰুৱন্তপুৰমস্থিত গৃহত সংঘটিত হয় এই ঘটনা ৷

অৱশ্যে বৃহস্পতিবাৰে দুপৰীয়াহে পোহৰলৈ আহে এই ঘটনা ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বাসগৃহত নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰে এই আক্ৰমণৰ ঘটনা (Attack on minister V Muraleedharan house) ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ কথা সদৰী কৰিছে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ৷ আনহাতে ঘৰত পোৱা তেজৰ চেকুঁৰা প্ৰেৰণ কৰা হৈছে ফৰেন্সিক পৰীক্ষাৰ বাবে ৷ এই ঘটনাৰে জড়িত কোনো লোককেই বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই কেৰালা আৰক্ষী ৷

লগতে পঢ়ক: Modi Speech in Rajya Sabha : যিমানেই বোকা চটিয়াব, সিমানেই পদুম ফুলিব: প্ৰধানমন্ত্ৰী

লক্ষণীয়ভাৱে, চুবুৰীয়া কোনো লোকেই এই আক্ৰমণৰ ঘটনা প্ৰত্যক্ষ কৰা নাই বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ গৃহটোৰ চৌপাশৰ চিচিভিটিৰ দৃশ্য সংগ্ৰহ কৰি পৰীক্ষা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আনহাতে এই ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপি দলে ৷ বিজেপি দলে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰে ৷ লগতে এই আক্ৰমণৰ সৈতে ৰাজনৈতিক শত্ৰুতা জড়িত থকা বুলিও সন্দেহ কৰা হৈছে (MoS V Muraleedharans house vandalised) ৷

ইফালে, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে (Kerala CM pinarayi vijayan) ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ দল গঠন কৰা হৈছে বুলি সদৰী কৰিছে ৷ কিন্তু এই ঘটনা আৰক্ষীৰ অৱহেলাৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে ৷ তিৰুৱন্তপুৰমৰ জিলা বিজেপিৰ সভাপতি ভি ভি ৰাজেশে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কেৰালা আৰক্ষীয়ে পৰ্যাপ্ত সুৰক্ষা প্ৰদান নকৰে বুলিও অভিযোগ কৰিছে ৷ কিন্তু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ বাসগৃহত কোনে এই আক্ৰমণ সংঘটিত কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Excise-Taxation Dept raids Adani Group stores: হিমাচলত আদানিৰ গুডামত ইটোৰ পিচত সিটোকৈ তালাচী:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.