নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগৰ বাবে এক প্ৰতিযোগিতামূলক গন্তব্য স্থান হিচাপে পৰিগণিত হ'বলৈ এক নাটকীয় পৰিৱৰ্তনৰ মাজেৰে গৈ আছে । কেন্দ্ৰীয় তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে অঞ্চলটোত সংযোগ ব্যৱস্থা এটা সমস্যা আছিল যদিও সেয়া সম্পূৰ্ণৰূপে সলনি হৈছে ।
বৰ্তমান দেশৰ আন যিকোনো প্ৰান্তৰ পৰা উত্তৰ-পূবৰ যিকোনো ৰাজ্যৰ ৰাজধানীত শীঘ্ৰে উপস্থিত হ'ব পাৰে । যাৰ ফলত অঞ্চলটোৰ বাবে সম্ভাৱ্য সুযোগৰ ক্ষেত্ৰত এক ডাঙৰ পৰিৱৰ্তন সৃষ্টি হ'ব পাৰে বুলি তেওঁ কয় । "উন্নত সংযোগে অঞ্চলটোত ব্যৱসায়, প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ বিকাশ কঢ়িয়াই আনিছে । বিগত ন বছৰত আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত সংযোগৰ মোকাবিলা কৰা হৈছে আৰু বৰ্তমান পৰৱৰ্তী পদক্ষেপটো হৈছে অৰ্থনৈতিক সম্প্ৰসাৰণ নিশ্চিত কৰা আৰু জিএছডিপি দুটা অংকলৈ বৃদ্ধি কৰা । কিয়নো উত্তৰ-পূবৰ সকলো ৰাজ্যৰ সংযুক্ত জিএছডিপি দেশৰ জিডিপিৰ মাত্ৰ ৮ শতাংশ ।" তেওঁ কয় ।
অৰ্থনৈতিক বিকাশৰ পৰৱৰ্তী পৰ্যায়টো হৈছে কৰ্মসংস্থাপন আৰু উদ্যোগ সৃষ্টি । যাৰ বাবে সুপৰিকল্পিত দক্ষতা অতি গুৰুত্বপূৰ্ণ । তেওঁ কয় । "বৰ্তমান উত্থাপিত প্ৰশ্নটো হৈছে আমি কেনেকৈ অধিক বিনিয়োগ পাম আৰু আমি অৰ্থনীতি কেনেদৰে বৃদ্ধি কৰিম । দুয়োটাৰে উত্তৰ হৈছে যে আমাক অধিকসংখ্যক প্ৰতিভাশালী কৰ্মশক্তি আৰু দক্ষ উদ্যোগীৰ প্ৰয়োজন, যিয়ে কেৱল দেশৰ আন প্ৰান্ততে নহয়, বিশ্বলৈও সামগ্ৰী বিতৰণ কৰিবলৈ সক্ষম হ'ব ।" তেওঁ কয় ।
সেয়েহে উত্তৰ-পূব ভাৰতৰ ভৱিষ্যত বিকাশ আৰু সম্ভাৱনাৰ বাবে দক্ষতা আটাইতকৈ গুৰুত্বপূৰ্ণ সক্ষমতা হৈ পৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় । "আগন্তুক ১০-১২ মাহত আমি উত্তৰ-পূৰ্বাঞ্চলত ২.৫ লাখ বিশ্বমানৰ প্ৰতিভাশালী কৰ্মশক্তি সৃষ্টি কৰিব বিচাৰোঁ । আমি আশাকৰোঁ যে ইয়াৰ ফলত অধিক বিনিয়োগক উৎসাহিত কৰি অঞ্চলটোত অৰ্থনৈতিক বিকাশ বৃদ্ধি পাব, যিয়ে সমগ্ৰ আঞ্চলিক অৰ্থনীতি সলনি কৰিব ।" তেওঁ কয় ।
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় কৈ আহিছে যে যিহেতু ভাৰতৰ বিকাশ হৈ আছে আৰু বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হৈ পৰিছে, আমি ইলেক্ট্ৰনিকছ, তথ্য-প্ৰযুক্তি, উৎপাদন আৰু সকলো ধৰণৰ ক্ষেত্ৰত বিনিয়োগ আকৰ্ষিত কৰি আছোঁ । যদি কোনো ৰাজ্য বা অঞ্চলে উক্ত গতিপথৰ পৰা লাভান্বিত হ'ব বিচাৰে, তেন্তে তেওঁলোকৰ এজন প্ৰতিভাশালী আৰু দক্ষ কৰ্মশক্তি থাকিব লাগিব ।" চন্দ্ৰশেখৰে কয় ।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ৮ আগষ্টত সিদ্ধান্ত লৈছিল যে উত্তৰ-পূবৰ ২.৫ লাখ শিক্ষাৰ্থী ৪০০ কোটি টকা ব্যয়েৰে দক্ষ হ'ব । এই খৰচ কেন্দ্ৰই বহন কৰিব । "ৰাজ্য চৰকাৰসমূহ এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ অংশীদাৰ হ'ব । কিয়নো তেওঁলোকে প্ৰয়োজনীয় দক্ষতা সৃষ্টি কৰিব, দক্ষতা কেন্দ্ৰবোৰ ক'ত স্থাপন কৰা হ'ব সিদ্ধান্ত ল'ব আৰু তেওঁলোকৰ যুৱসকলক এক প্ৰতিভাশালী কৰ্মচাৰী হিচাপে গঢ়ি তুলিবলৈ মালিকীস্বত্ব আৰু দায়িত্ব ল'ব । যাৰ ফলত ৰাজ্যসমূহত বিনিয়োগ আকৰ্ষিত হ'ব আৰু ইয়াৰ ফলত চাকৰি সৃষ্টি হ'ব ।" চন্দ্ৰশেখৰে কয় ।