আগৰতলা , 12 ছেপ্তেম্বৰ : ক'ভিড-19(Covid 19)ৰ সাম্ভাৱ্য তৃতীয় ঢৌৰ কথা বিবেচনা কৰি যুদ্ধকালীন প্ৰচেষ্টাৰে ভাৰতে স্বাস্থ্য ব্যৱস্থা উন্নীত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ভাৰত চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড৹ ভাৰতী পাৱাৰ(Dr Bharati Pawar) শনিবাৰে এই কথা প্ৰকাশ কৰে ৷
![union minister bharati power visits tripura](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-mos-health_12092021035918_1209f_1631399358_466.jpg)
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি উপ-স্বাস্থ্য কেন্দ্ৰৰ স্তৰলৈকে পৰ্যাপ্ত সকলো সুবিধা নিশ্চিত কৰাৰ বাবে চৰকাৰে চেষ্টা কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ তেওঁ কয় যে, এই প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নীত কৰা হৈছে, লগতে জিলা পৰ্যায়ৰ চিকিৎসালয়সমূহত paediatric unit ৰ দৰে অত্যাৱশ্যকীয় ৱাৰ্ডসমূহ আৰম্ভ কৰা হৈছে আৰু পাইপলাইন অক্সিজেন যোগানৰ দৰে সঁজুলি আদিৰ ব্যৱস্থা কৰা হৈছে ৷
দুদিনীয়া ৰাজ্যিক ভ্ৰমণসূচী লৈ মন্ত্ৰীগৰাকী ত্ৰিপুৰাত উপস্থিত হৈছে ৷ এই সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশ লোৱাৰ লগতে কেইখনমান গুৰুত্বপূৰ্ণ চিকিৎসালয়ো পৰিদৰ্শন কৰিব ৷ ইয়াৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে আগৰতলাস্থিত উত্তৰ-পূৱৰ আটাইতকৈ ডাঙৰ কৰ্কট ৰোগ চিকিৎসালয় অটল বিহাৰী বাজপেয়ী আঞ্চলিক কৰ্কট চিকিৎসালয়(Atal Bihari Vajpayee regional cancer hospital) পৰিদৰ্শন কৰে ৷
লগতে পঢ়ক : অসম-ত্ৰিপুৰা সীমান্তত সুৰা আৰু পেট্ৰ'লৰ চোৰাং ব্যৱসায়
চিকিৎসালয় পৰিদৰ্শন কৰি ড৹ পাৱাৰে কয় যে, চিকিৎসালয়ৰ সকলো বিভাগে ৰোগীসকলক ভাল চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত এক মহান কাম কৰি আছে । তেওঁ নিজে কেমোথেৰাপী গোট(chemotherapy unit), the post surgical ward, OT আৰু radiation বিভাগ পৰিদৰ্শন কৰা বুলি জানিবলৈ দিয়ে ৷
উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজি আৱণ্টনৰ ক্ষেত্ৰত সদায়েই চৰকাৰে গুৰুত্ব দি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ এনে পদক্ষেপৰ বাবেই বিগত সাত বছৰত স্বাস্থ্য খণ্ডত যথেষ্ট পৰিৱৰ্তন দৃশ্যমান হৈছে বুলি পাৱাৰে মন্তব্য কৰে ৷
কেন্দ্ৰই স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 23,000 কোটি টকাৰ এক পেকেজ মঞ্জুৰ কৰিছে বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ত্ৰিপুৰায়ো ইয়াৰ অংশ লাভ কৰিব আৰু ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ ফালৰ পৰা সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়োৱা হ'ব বুলি মন্ত্ৰী ড৹ পাৱাৰে মন্তব্য কৰে ৷
লগতে পঢ়ক : ভূপেন্দ্ৰ পেটেল গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী