ETV Bharat / bharat

2021 ৰ পিয়ল জাতিৰ ভিত্তিত হোৱা পক্ষপাতি ৰাজ্যিক মন্ত্ৰী আথৱালে - পশ্চিম বংগৰ নিৰ্বাচন

2021 ৰ পিয়ল জাতিৰ ভিত্তিত হোৱাটো বিচাৰে কেন্দ্ৰীয় সামাজিক ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথৱালেয়ে ৷ প্ৰতিবাৰেই লোকপিয়লত কেৱল অনুসূচিত জাতি,অনুসূচিত জনজাতি আৰু অবিচি সম্প্ৰদায়ৰ লোকসকলক নথিভুক্ত কৰাৰ ফলত বাকী সম্প্ৰদায়ৰ লোক সকল বাদ পৰি ৰোৱাৰ অভিযোগ মন্ত্ৰী গৰাকীৰ ৷

union minister athawale wants 2021 census to be caste based
2021 ৰ পিয়ল জাতিৰ ভিত্তিত হোৱা পক্ষপাতি ৰাজ্যিক মন্ত্ৰী আথৱালে
author img

By

Published : Jan 11, 2021, 10:44 PM IST

Updated : Jan 11, 2021, 11:05 PM IST

আগৰতলা, 11 জানুৱাৰী: কেন্দ্ৰীয় সামাজিক ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টী অফ ইণ্ডিয়া(এ) ৰ সভাপতি ৰামদাস আথৱালেয়ে সোমবাৰে মন্তব্য কৰে যে 2021ৰ লোকপিয়ল জাতিৰ ভিত্তিত হ'ব লাগে ৷

সোমবাৰে ত্ৰিপুৰাত উপস্থিত হৈ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে নিজৰ দাবীৰ সপক্ষে যুক্তি দি কয় যে প্ৰতিবাৰেই লোকপিয়লত কেৱল অনুসূচিত জাতি,অনুসূচিত জনজাতি আৰু অবিচি সম্প্ৰদায়ৰ লোকসকলক নথিভুক্ত কৰা হয়,যাৰ পৰিপ্ৰেক্ষিতত অন্য সম্প্ৰদায়ৰ লোকসকল পিয়লৰ পৰা বাদ পৰি যায় ৷

2021ৰ লোকপিয়ল জাতিৰ ভিত্তিত হ'ব লাগে: ৰামদাস আথৱালে

তেওঁ কয় যে,"ত্ৰিপুৰাৰ 24 শতাংশ লোক অবিচি আৰু এই শ্ৰেণীৰ লোকক প্ৰদান কৰা সা-সুবিধা সমূহৰ 27 শতাংশ সংৰক্ষণ তেওঁলোকে লাভ কৰে ৷ কিন্তু অন্য কিছুমান সম্প্ৰদায়ো আছে যিসকলে সংৰক্ষণৰ দাবী উত্থাপন কৰি আহিছে ৷ মোৰ দাবী হ'ল এইয়ে যে 2021 ৰ লোকপিয়ল জাতিৰ ভিত্তিত হ'ব লাগে যাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অবিচি সম্প্ৰদায়ৰ লোকসকলৰ বাদেও অন্য শ্ৰেণীৰ জনসংখ্যা বিভাগীয়ভাৱে নথিভুক্ত কৰিব পৰা যায় ৷

পশ্চিম বংগৰ নিৰ্বাচন সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে এইবাৰ পশ্চিমবংগৰ নিৰ্বাচন বিজেপিৰ হাতত থাকিব ৷ তেওঁ কয় যে মমতা বেনাৰ্জীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব কিন্তু ফলাফল বিজেপিৰ পক্ষত থাকিব আৰু দিলীপ ঘোষৰ নেতৃত্বত বিজেপি নেতৃত্বই পশ্চিমবংগত চৰকাৰ গঠন কৰিব ৷ তেওঁ লগতে কয় যে পশ্চিমবংগৰ মানুহে মমতা বেনাৰ্জীক বহুত সময় দিলে আৰু এইবাৰ পশ্চিমবংগৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰক এটা সুবিধা প্ৰদান কৰাৰ বাবে প্ৰস্তুত হৈছে ৷

মন্ত্ৰী গৰাকীয়ে কয় যে তেওঁৰ দলে আসন্ন নিৰ্বাচনত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু তেওঁৰ দলক আৰু এটা কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰাৰ বাবে সম্ভৱপৰ সকলো সহায় আগবঢ়াব ৷ 2023 চনত হ'ব লগীয়া বিধানসভা নিৰ্বাচনত তেওঁৰ দলে তিনি বা চাৰিখন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:ৰাইবৰেলিত আপ বিধায়ক সোমনাথ ভাৰতীলৈ চিঁয়াহী নিক্ষেপ

Last Updated : Jan 11, 2021, 11:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.