ETV Bharat / bharat

Rahul Gandhi in London : ৰাহুল গান্ধীৰ মন্তব্যক তীব্ৰ সমালোচনা অনুৰাগ ঠাকুৰৰ

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ মতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিতৰ্কৰ ধুমুহা হৈ পৰিছে (Anurag Thakur slams Rahul Gandhi)। তেওঁৰ বিফলতা লুকুৱাবলৈ ভাৰতক বদনাম কৰিছে । লণ্ডনত ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সন্মুখত গান্ধীৰ মন্তব্যৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত ।

Rahul Gandhi in London
লণ্ডনত ৰাহুল গান্ধীৰ মন্তব্যক তীব্ৰ সমালোচনা অনুৰাগ ঠাকুৰৰ
author img

By

Published : Mar 6, 2023, 6:36 PM IST

নেশ্যনেল ডেস্ক,৬ মাৰ্চ : বিদেশৰ ভূমিত ভাৰতক বদনাম কৰাৰ অভিযোগ কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে (Anurag Thakur slams Rahul Gandhi)। মন্ত্ৰীগৰাকীৰ মতে ৰাহুল গান্ধীয়ে নিজৰ বিফলতা লুকুৱাবলৈ এনে কৰিছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰি কয় যে ৰাহুল গান্ধীয়ে পূৰ্বেও পৰিকল্পিতভাৱে দেশক বদনাম কৰিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে । মন্ত্ৰীগৰাকীৰ মতে ৰাহুল গান্ধী এতিয়া বিবাদৰ ধুমুহা হৈ পৰিছে ।

উল্লেখ্য যে লণ্ডনত ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ সৈতে এক মতবিনিময় অনুষ্ঠানত বক্তব্য ৰাখি বিবিচিৰ কাৰ্যালয়ত শেহতীয়াকৈ চলোৱা অভিযানক লৈ ৰাহুল গান্ধীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰাৰ পাচতে ঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Rahul Gandhi IJA speech)। ৰাহুল গান্ধীয়ে বিবিচিৰ কাৰ্যালয়ৰ অভিযানক কণ্ঠস্বৰ দমন কৰাৰ পদক্ষেপ বুলি অভিহিত কৰিছিল আৰু কৈছিল যে যদি বিবিচিয়ে কেন্দ্ৰৰ বিৰুদ্ধে লিখা বন্ধ কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰা হ'ব ।

ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰিছিল যে বিজেপিয়ে এখন নতুন ভাৰত গঢ়ি তোলাৰ বাবে দেশক নীৰৱ কৰিবলৈ চেষ্টা কৰি আছে । তেওঁ কৈছিল যে যোৱা ৯ বছৰ ধৰি সকলোৱে এই কণ্ঠস্বৰ দমনৰ বিষয়ে অৱগত (Rahul slams BJP govt)। কেন্দ্ৰৰ বিৰুদ্ধে কথা কোৱা সাংবাদিকসকলক আক্ৰমণ আৰু ভাবুকি দিয়া হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

ইফালে চৰকাৰৰ মতে চলা সাংবাদিকক পুৰস্কৃত কৰা হৈছে বুলিও ৰাহুল গান্ধীয়ে উল্লেখ কৰিছিল । ৰাহুল গান্ধীয়ে কৈছিল যে প্ৰধানমন্ত্ৰীক সমৰ্থন কৰা সকলে চৰকাৰৰ সমৰ্থন লাভ কৰে আৰু যি সকল বিৰোধী তেওঁলোক আক্ৰমণৰ সন্মুখীন হয় ।

ৰাহুল গান্ধীয়ে সাংবাদিকৰ আগত কৈছিল যে তেওঁৰ ভাৰত জোড়ো যাত্ৰাৰ উদ্দেশ্য আছিল কণ্ঠস্বৰ প্ৰকাশ কৰা (Rahul Gandhi on Bharat Jodo Yatra)। সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰাৰ পূৰ্বে, ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ বক্তৃতাৰ সময়তো আন এক বিতৰ্কৰ সৃষ্টি কৰিছিল । তেওঁ কৈছিল যে পেগাচাছ ব্যৱহাৰ কৰি তেওঁৰ ফোন টেপ কৰা হৈছে । এই মন্তব্যবোৰৰ পাছতে বিজেপি নেতাসকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ কৰিছে যে তেওঁ ভাৰতক বদনাম কৰিছে ।

আনহাতে বিজেপিৰ অভিযোগ খণ্ডন কৰি ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ বক্তব্যই বিজেপি নেতাসকলক বিপাঙত পেলাইছে । ৰাহুল গান্ধীৰ মতে প্ৰকৃততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েহে ভাৰতক বদনাম কৰিছে যেতিয়া তেওঁ বিদেশ ভ্ৰমণৰ সময়ত কৈছিল যে স্বাধীনতাৰ পাচত ভাৰতত কোনো উন্নয়ন হোৱা নাই আৰু ভাৰতত সীমাহীন দুৰ্নীতি হৈছে ।

লগতে পঢ়ক :Rahul Gandhi at Cambridge University : মোৰ ফোন পেগাচাছৰ জৰিয়তে নিৰীক্ষণত ৰখা হৈছিল ; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.