ETV Bharat / bharat

Amit Shah Karnataka Visit : কৰ্ণাটকত ষ্টেডিয়াম উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

author img

By

Published : Jan 28, 2023, 3:26 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ বৰ্তমান কৰ্ণাটক ভ্ৰমণত আছে (Home minister Amit Shah Karnataka visit) । তেওঁ শনিবাৰে হুবলিৰ বিভিবি অভিযান্ত্ৰিক মহাবিদ্যালয়ত এখন ষ্টেডিয়াম উদ্বোধন কৰে ।

Amit Shah inaugurated BVB engineering college stadium
কৰ্ণাটকত ষ্টেডিয়াম উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

নেশ্যনেল ডেস্ক,২৮ জানুৱাৰী: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে (Central home minister Amit Shah) কৰ্ণাটকৰ হুবলিত কেএলই চছাইটিৰ বিভিবি অভিযান্ত্ৰিক মহাবিদ্যালয়ত এখন ষ্টেডিয়াম উদ্বোধন কৰে (Amit Shah inaugurated BVB engineering college stadium) । উক্ত অনুষ্ঠানত তেওঁৰ লগত উপস্থিত থাকে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী ।

উল্লেখ্য, অমিত শ্বাহে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ তথা বিজেপিৰ দ্বাৰা আয়োজিত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিবলৈ শুকুৰবাৰে মাজনিশা গৈ কৰ্ণাটকৰ হুবলিত উপস্থিত হৈছিল (Home minister Amit Shah Karnataka visit) । কৰ্ণাটকত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই, বিজেপিৰ ৰাজ্যিক সভাপতি নলিন কুমাৰ কাটিল, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ লগতে অন্যান্যসকলে আদৰণি জনায় (Karnataka chief minister Basavraj Bommai) ।

উল্লেখযোগ্য যে কিট্টুৰ-কৰ্ণাটক (মুম্বাই-কৰ্ণাটক) নামেৰে জনাজাত এই অঞ্চলটো বিজেপিৰ বাবে যথেষ্ট শক্তিশালী দুৰ্গ হিচাপে পৰিগণিত । আনহাতে, এটা মাহৰ ভিতৰতে অমিত শ্বাহৰ এই ৰাজ্যখনলৈ এইটো হৈছে দ্বিতীয়বাৰ ভ্ৰমণ । শনিবাৰে অমিত শ্বাহে কেএলইৰ বিভিবি মহাবিদ্যালয়ৰ ৭৫ সংখ্য বাৰ্ষিকী আৰু হুবলিত এখন ইনড'ৰ ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰ পিছত তেওঁ ধাৰৱাডৰ ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় চৌহদৰ আধাৰশিলা স্থাপন কৰিব । তাৰ পিছত শ্বাহে পুনৰ কুণ্ডাগোলত বিজেপিৰ 'বিজয় সংকল্প অভিযান'ত অংশগ্ৰহণ কৰিব ।

ইয়াৰ উপৰি তেওঁ প্ৰায় ৩০০ বছৰ পুৰণি কুণ্ডাগোলৰ প্ৰাচীন শম্বুলেশ্বৰ মন্দিৰতো প্ৰাৰ্থনা কৰিব । তাৰ পিছত তেওঁ কুণ্ডাগোলৰ 7 নম্বৰ ৱাৰ্ড আৰু 50 নম্বৰ বুথলৈ যাব আৰু তাত দেৱালত অংকন কৰি বিজয় সংকল্প অভিযান আৰম্ভ কৰিব । তেওঁ তাত বাসৱন্না দেৱৰা মঠো পৰিদৰ্শন কৰিব ।

তাৰ পিছত তেওঁ ধাৰৱাদ গ্ৰামাঞ্চলৰ অন্তৰ্গত কুণ্ডগোল বিধানসভা সমষ্টিত ১.৫ কিলোমিটাৰ দীঘল এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । যাৰ বাবে সকলো প্ৰস্তুতি চলি আছে । ৰোড শ্ব'ৰ সময়ত মিছকল দিয়া অভিযানো আৰম্ভ কৰা হ'ব ।

আনহাতে, কুণ্ডাগোলৰ পৰা অমিত শ্বাহে চলিত জন-সংকল্প যাত্ৰাৰ অধীনৰ এখন ৰেলীত অংশগ্ৰহণ কৰিবলৈ বেলাগাভি জিলাৰ কিট্টুৰৰ ওচৰৰ এম কে হুবলিলৈ যাত্ৰা কৰিব । "সমদলটোৰ পিছত বেলাগাভি জিলাত দলীয় বিষয় সন্দৰ্ভত দুখন বৈঠক অনুষ্ঠিত হ'ব । এখন সংগঠনৰ আৰু আনখন হ'ব নেতাসকলৰ সভা । অমিত শ্বাহে এই দুয়োখন সভাতে উপস্থিত থাকিব ।" দলৰ মুখপাত্ৰই এই কথা কয় ।

লগতে পঢ়ক: Superstition in Guwahati: শ্মশানত পূজা কৰি থাকোতেই ৰাইজে হাতে লোটে ধৰিলে তান্ত্ৰিক, জ্যোতিষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.