ETV Bharat / bharat

Union Minister Amit Shah: কংগ্ৰেছ 4 জি, কিন্তু বিজেপি 5 জি নেকি ! কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

4 জি, 3 জি আৰু 2 জি প্ৰসংগৰে উত্তাল তেলেংগানাৰ ৰাজনীতি ৷ দেওবাৰে এক সভাত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ 4 জি, বি আৰ এছ দলক 2 আৰু AIMIMক 3 জি আখ্যা দিলে ৷

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 10:07 PM IST

Union Minister Amit Shah
কংগ্ৰেছ 4জি কিন্তু বিজেপি 5জি নেকি

নেশ্যনেল ডেস্ক, 27 আগষ্ট: দেশত কি চলিচে ! 4 জি, 3 জি, 2 জি নে 5 জি ! কোনটো ৰাজনৈতিক দল 4 জি, 3 জি অথবা 2 জি দল ! এইবাৰ কংগ্ৰেছৰ লগতে বিৰোধী দলক লক্ষ্য কৰি শক্তিশেল এৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ দেওবাৰে তেলেংগানাৰ খাম্মামত অনুষ্ঠিত এক জনসভাত কংগ্ৰেছ, বি আৰ এছ আৰু এ আই এম আই এমক তীব্ৰ সমালোচনা কৰে অমিত শ্বাহে ৷

তেওঁ কয়,’’ কংগ্ৰেছ, বি আৰ এছ আৰু এ আই এম আই এম হৈছে 4 জি, 3 জি, 2 জি দল ৷ কংগ্ৰেছ হৈছে এটা 4 জি দল ৷ য’ত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আৰু এতিয়া ৰাহুল গান্ধী হৈছে চতুৰ্থ প্ৰজন্মৰ দল । পৰিয়াল কেন্দ্ৰীক দলে হৈছে কংগ্ৰেছ ৷’’

আনহাতে তেলেংগানাৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি শ্বাহে কয় যে, কে চি আৰৰ দল হৈছে 2 জি পাৰ্টি ৷ ওৱেচিৰ দল হৈছে 3 জি পাৰ্টি ৷ আগন্তুক দিনত তেলেংগানাত চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ তেলেংগানাত পদুম ফুলিব ৷ কাৰণ মুখ্যমন্ত্ৰী কে চি আৰে প্ৰতিশ্ৰুতি পালন কৰা নাই ৷ কে চি আৰে তেলেংগানাৰ শ্বহীদসকলৰ অপমান কৰিছে ৷ পৃথক ৰাজ্যৰ সময়ত প্ৰাণ হেৰুওৱা লোকৰ সপোন ধ্বংস কৰিছে কে চি আৰে ৷ ইফালে কংগ্ৰেছৰ সভাপতি মল্লিকাঅৰ্জুন খাৰ্গে মিছাৰ আশ্ৰয় লৈছে ৷ কাৰণ বিজেপি আৰু কে চি আৰৰ কোনো কাৰণত একত্ৰিত নহয় ।

সকলোৱে অৱগত ‘‘এ আই এম আই এমৰ নেতা ওৱেচি আৰু কে চি আৰৰ মাজত মধুৰ সম্পৰ্ক আছে । মুখ্যমন্ত্ৰী কে চি আৰ আৰু ওৱেচিৰ সৈতে বিজেপিৰ বৈঠকৰ কোনো প্ৰশ্নই নাই । কৃষক বিৰোধী, দলিত বিৰোধী আৰু মহিলা বিৰোধী কে চি আৰ চৰকাৰক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব ৷’’ এই দৰে তেলেংগানাৰ খাম্মামত অনুষ্ঠিত 'ৰাইতু গোসা-বিজেপি ভৰশা’ শীৰ্ষক সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমালোচনা কৰে কংগ্ৰেছ দল আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰীক ৷

লগতে পঢ়ক:Manipur Violence: মণিপুৰত পুনৰ 5 টাকৈ বাসগৃহ জ্বলালে দুৰ্বৃত্তই; কাঢ়ি নিলে আৰক্ষীৰ অস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.