ETV Bharat / bharat

কেন্দ্ৰীয় কেবিনেট সম্প্ৰসাৰণ : কাৰ্যভাৰ গ্ৰহণ কৰা মন্ত্ৰীৰ নাম কৰ্তনৰ সম্ভাৱনা

author img

By

Published : Jun 19, 2021, 8:52 PM IST

ইটিভি ভাৰতে নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা ২৬ গৰাকী মন্ত্ৰীৰ নামৰ এখন তালিকা প্ৰস্তুত কৰিছে । এই তালিকাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ( Sarbananda Sonowal), জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia), বৰুণ গান্ধী (Varun Gandhi), কৈলাশ বিজয়বৰ্গীয়া (Kailash Vijayvargiya), দীনেশ ত্ৰিবেদী (Dinesh Trivedi) আৰু পশুপতি পাৰছে (Pashupati Paras) মোডীৰ মন্ত্ৰীসভাৰ নতুন মন্ত্ৰী হিচাপে স্থান লাভ কৰাৰ ধাৰণা কৰা হৈছে ।

Union cabinet expansion on cards; new faces likely to be inducted
কেন্দ্ৰীয় কেবিনেট সম্প্ৰসাৰণ : কাৰ্যভাৰ গ্ৰহণ কৰা মন্ত্ৰীৰো নাম কৰ্তন হোৱাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক, 19 জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi) য়ে বিগত দিনত বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু মন্ত্ৰীসকলৰ সৈতে দুখন বৈঠকত মিলিত হোৱাৰ পিছত কেন্দ্ৰীয় কেবিনেট সম্প্ৰসাৰণৰ জল্পনা-কল্পনাই গতি লাভ কৰিছে । লোক জনশক্তি পাৰ্টীৰ অধ্যক্ষ ৰামবিলাস পাছোৱান আৰু কৰ্ণাটকৰ বিজেপি নেতা সুৰেশ অংগাদীৰ মৃত্যুৰ লগে লগে কেবিনেট সম্প্ৰসাৰণ কৰাটো প্ৰয়োজন হৈছিল । ইফালে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (National Democratic Alliance) ৰ পৰা শিৰোমণি আকালি দল আৰু শিৱসেনাৰ সাংসদ দুগৰাকী ওলাই যোৱাত খালী হৈ ৰোৱা মন্ত্ৰীপদ দুটা পূৰণৰ প্ৰয়োজন হৈছিল ৷ নতুন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ লগে লগে বৰ্তমান মন্ত্ৰীসকলৰো বিভাগৰ দায়িত্ব সাল-সলনি হোৱাৰ সম্ভাৱনা আছে ৷

উদ্যোগ আৰু বাণিজ্য, আইন, কৃষি, মানৱ সম্পদ উন্নয়ন, অসামৰিক বিমান পৰিবহণ, তীখা আৰু খাদ্য প্ৰক্ৰিয়াকৰণ আদি বিভাগত মূলতঃ সাল-সলনি হোৱাৰ সম্ভাৱনা আছে ৷ নিজ বিভাগৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাত ব্যৰ্থ হোৱা মন্ত্ৰীসকলক মন্ত্ৰীসভাৰ পৰা বাদ দি কেইখনমান নতুন মুখ অন্তৰ্ভুক্ত কৰাৰ ধাৰণা কৰা হৈছে । ইটিভি ভাৰতে নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা ২৬ গৰাকী মন্ত্ৰীৰ নামৰ এখন তালিকা প্ৰস্তুত কৰিছে । এওঁলোকৰ ভিতৰত জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia), বৰুণ গান্ধী (Varun Gandhi), কৈলাশ বিজয়বৰ্গীয়া (Kailash Vijayvargiya), দীনেশ ত্ৰিবেদী (Dinesh Trivedi), সৰ্বানন্দ সোণোৱাল ( Sarbananda Sonowal) আৰু পশুপতি পাৰছে (Pashupati Paras) অন্যতম ।

জ্যোতিৰাদিত্য সিন্ধিয়া : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ২০২০ চনৰ মাৰ্চত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । জ্যোতিৰাদিত্য সিন্ধিয়াৰ দলত্যাগৰ ফলত মধ্যপ্ৰদেশত কংগ্ৰেছ চৰকাৰৰ পতন হৈছিল ।

বৰুণ গান্ধী : বৰুণ গান্ধী মানেকা গান্ধী আৰু স্বৰ্গীয় সঞ্জয় গান্ধীৰ পুত্ৰ তথা পিলিভিট সমষ্টিৰ তিনিবাৰৰ লোকসভাৰ সাংসদ । তেওঁ নেহৰু-গান্ধী পৰিয়ালৰ আৰু ২০০৪ চনত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছিল ।

কৈলাশ বিজয়বৰ্গীয়া : বৰ্তমান পশ্চিমবংগ বিজেপিৰ সম্পাদক কৈলাশ বিজয়বৰ্গীয়া একেৰাহে ছয়বাৰৰ বিধায়ক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৷ তেওঁ দলৰ কেন্দ্ৰীয় নেতৃত্বত স্থান লাভ কৰাৰ পূৰ্বে ১২ বছৰতকৈ অধিক সময় ধৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে ।

দিনেশ ত্ৰিবেদী : তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী দীনেশ ত্ৰিবেদীয়ে মাৰ্চ মাহত বিজেপিত যোগদান কৰিছিল । তেওঁ ২০১৬-২০১৭ বৰ্ষৰ বাবে শ্ৰেষ্ঠ সাংসদ বঁটা লাভ কৰিছিল আৰু সংসদৰ কেন্দ্ৰীয় হলৰ এক অনুষ্ঠানত তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল ।

সৰ্বানন্দ সোণোৱাল : সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৷ তেওঁ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ প্ৰথমটো কাৰ্যকালত ২০১৪ চনৰ পৰা ২০১৬ চনলৈ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ বিজেপি মিত্ৰজোঁটৰ বিজয়ৰ পাছত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত পুনৰ বিজেপি দলৰ বিজয় হোৱাত তেওঁৰ স্থানত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ।

পশুপতি পৰাশ : পশুপতি পৰাশ এলজেপি নেতা তথা হাজিপুৰৰ পৰা লোকসভা সমষ্টিৰ সাংসদ । তেওঁ ৰামবিলাস পাছোৱানৰ কনিষ্ঠ ভাতৃ । তেওঁক শেহতীয়াকৈ চিৰাগ পাছৱানৰ স্থানত লোক জনশক্তি পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷

উল্লেখ্য যে, মোডী চৰকাৰে ২০১৯ চনৰ মে’ মাহত ৫৭ জন মন্ত্ৰীৰ সৈতে দ্বিতীয় কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ বাবে গঠন দুখনকৈ উচ্চ ক্ষমতা সম্পন্ন কমিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.