ETV Bharat / bharat

মৰসাহ ! চৌহদৰ দেৱাল পাৰ হৈ মমতা বেনাৰ্জীৰ ঘৰত অচিনাক্ত লোকৰ প্ৰৱেশ - পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

কিমান সুৰক্ষিত মুখ্যমন্ত্ৰী ! নিৰাপত্তাৰক্ষীৰ চকুত ধূলি ছটিয়াই ওৰে নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত অচিনাক্ত লোকৰ দপদপনি ((Unidentified man enters West Bengal CM's residence)৷

মৰসাহ! চৌহদৰ দেৱাল পাৰ হৈ মমতা বেনাৰ্জীৰ বাসগৃহত অচিনাক্ত লোকৰ প্ৰৱেশ
Unidentified man enters West Bengal CM's residence
author img

By

Published : Jul 4, 2022, 7:47 AM IST

Updated : Jul 4, 2022, 9:06 AM IST

নেশ্যনেল ডেস্ক, 4 জুলাই: কিমান সুৰক্ষিত এগৰাকী মুখ্যমন্ত্ৰী ! কটকটীয়া নিৰাপত্তা বেষ্টনীয়ে ৰোধিব পাৰিবনে দুৰ্বৃত্তৰ কু-অভিসন্ধিক ? পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (Chief Minister Mamata Banerjee) বাসগৃহত অঘটন ৷ এজন অচিনাক্ত ব্যক্তিয়ে দেওবাৰে পুৱতি নিশা কলকাতাৰ কালিঘাটস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ দেৱাল পাৰ হৈ চৌহদত প্ৰৱেশ কৰে (Unidentified man enters Mamata Banerjees residence)৷ লোকজনে কিছুসময় চৌহদতে ইফাল সিফাল কৰি ফুৰাৰ পিছত দেৱালখনৰ এটা কোণতে ওৰে নিশা বহি থাকে ৷

ইয়াৰ পিছতে পুৱা মুখ্যমন্ত্ৰীৰ এগৰাকী নিৰাপত্তৰক্ষীয়ে লোকজনক ঘৰৰ চৌহদত দেখি কালিঘাট আৰক্ষীক (Kalighat police) অৱগত কৰে ৷ আৰক্ষীয়ে ততালিকে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ লোকজনক আটক কৰে ৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত লোকজনক চোৰ অথবা "অসুস্থ মানসিক অৱস্থাৰ" ব্যক্তি বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ লোকজনক অন্য লোকে অপৰাধৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে থানাত লোকজনক সোধ-পোছ কৰি আছে ৷

উল্লেখ্য মুখ্যমন্ত্ৰীৰ বাসগৃহত কটকটীয়া নিৰাপত্তা বেষ্টনী থকা স্বত্বেও এনেকে অচিনাক্ত লোকৰ প্ৰৱেশে মুখ্যমন্ত্ৰীগৰাকীক নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি প্ৰদান কৰিছে ৷

ইয়াৰ কিছুদিন পূৰ্বে মমতা বেনাৰ্জীৰ বাসগৃহৰ ওচৰত দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছিল ৷ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ নিৰাপত্তাও সেই সময়ত স্কেনাৰৰ অধীনলৈ আহিছিল ৷ সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ ওচৰত বহুতো চিচি টিভি কেমেৰাই কাম কৰা নাছিল ৷ এতিয়ালৈকে এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু হৈ আছে ২০০ ৰো অধিক সন্ত্ৰাসবাদী

Last Updated : Jul 4, 2022, 9:06 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.