আগৰতলা,27 মাৰ্চ: ক'ভিড-19 ৰ পুনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অপ্ৰয়োজনীয়ভাৱে হোৱা জন সমাগম ৰোধ কৰাৰ উদ্দেশ্যে পশ্চিম ত্ৰিপুৰা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে ৷ এই উদ্দেশ্যে ইতিমধ্যে কঠোৰ ব্যৱস্থা হাতত লোৱা হৈছে ৷ ইয়াৰ লগতে জিলা প্ৰশাসনে আগৰতলা চহৰত চৈত্ৰা বিক্ৰী কৰাৰ ক্ষেত্ৰতো বাধা নিষেধাজ্ঞা আৰোপ কৰিছে ৷
সাধাৰণতে বঙালী নৱবৰ্ষৰ পূৰ্বে চৈত্ৰা বিক্ৰীৰ বাৰ্ষিক বজাৰ উৎসৱৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে ৷ এপ্ৰিলৰ আৰম্ভণিৰে পৰা দোকানীসকলে দিয়া ৰেহাই মূল্য সামগ্ৰী ক্ৰয় কৰিবৰ বাবে সকলোৱে ভিৰ কৰা পৰিলক্ষিত হয় ৷ কিন্তু, এইবাৰ যেন তাৰ ব্যতিক্ৰম ৷ ক'ভিড-19 প্ৰতিহত কৰাৰ বাবে লগতে জন সমাগম ৰোধ কৰাৰ বাবে বছৰৰ এই সময়ছোৱাতে জৰুৰীকালীনভাৱে কিছু বিশেষ ব্যৱস্থা হাতত ল'বলগীয়া হোৱাৰ বাবে এইবাৰ সকলোবোৰ সলনি হৈছে ৷
144 ধাৰা জাৰি কৰাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি পশ্চিম ত্ৰিপুৰাৰ ডেপুটি মেজিষ্ট্ৰেট শৈলেশ কুমাৰ যাদৱে কয় যে, "28-29 মাৰ্চৰ বাবে আমি 144 ধাৰা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ ইয়াৰ লগতে পিলিয়ন ৰাইডিঙৰ ক্ষেত্ৰতো নিষেধ আৰোপ কৰা হৈছে ৷ এই নিষেধাজ্ঞাসমূহ পুৱা 8 বজাৰ পৰা নিশা 12 বজালৈকে জাৰি থাকিব ৷ আমি দেখিবলৈ পাইছো কেনেকৈ মটৰ চাইকেল আৰোহীসকলে তিনিজন বা চাৰিজনকৈ লোক লগত লৈ ৰাস্তাত ঘূৰি থাকে ৷ এনেক্ষেত্ৰত আমি সামাজিক ব্যৱধান বজাই ৰখাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা সমূহ আৰোপ কৰিছো" ৷
যাদৱে লগতে এই কথাও উল্লেখ কৰে যে, হোলী উদযাপনৰ ক্ষেত্ৰত কোনো বাধা নাই যদিও নিয়ম-নীতি মানি চলি সকলোৱে উদযাপন কৰিব লাগিব ৷ যাদৱে জানিবলৈ দিয়ে মতে, বিগত দুটা সপ্তাহত 38 গৰাকী লোক নতুনকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷
1 এপ্ৰিলৰপৰা আৰম্ভ হ'বলগীয়া চৈত্ৰা বিক্ৰীৰ সন্দৰ্ভত জানিবলৈ দি তেওঁ কয় যে, "এই সন্দৰ্ভত নিশ্চয়কৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, কিন্তু মই নাভাবো যে, এনেকুৱা এক পৰিস্থিতিত প্ৰশাসনে জন সমাগমৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থকা পৰিস্থিতিৰ বাবে অনুমতি দিব" ৷
লগতে পঢ়ক: ত্ৰিপুৰাত পথ দুৰ্ঘটনা: মুখমন্ত্ৰীৰ ৰেলীৰ পৰা উভতাৰ পথত নিহত 4, আহত 17