ETV Bharat / bharat

Murder accused shot dead: এনকাউণ্টাৰত নিহত উমেশ পালৰ হত্যাকাৰী ওছমান - UP encounter

উত্তৰ প্ৰদেশ আৰক্ষীৰ আন এক এনকাউণ্টাৰ (UP police encounter)। এইবাৰ আৰক্ষীৰ গুলীত নিহত উমেশ পালৰ হত্যাকাৰী । অভিযুক্ত বিজয় চৌধুৰী ওৰফে ওছমান আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হৈছিল । সংঘৰ্ষত আৰক্ষীৰ গুলীত নিহত হয় উমেশ পাল হত্যাকাণ্ডৰ মূল অভিযুক্ত ওছমান ।

Umesh Pal murder
আৰক্ষীৰ এনকাউণ্টাৰত নিহত উমেশ পালৰ হত্যাকাৰী
author img

By

Published : Mar 6, 2023, 11:02 AM IST

নেশ্যনেল ডেস্ক, ৬ মাৰ্চ : সম্প্ৰতি উত্তৰ প্ৰদেশত উমেশ পাল হত্যাকাণ্ডক লৈ তীব্ৰ উত্তেজনা অব্যাহত আছে (Umesh Pal murder case)। ইয়াৰ মাজতে আৰক্ষীৰ গুলীত নিহত হ'ল এই হত্যাকাণ্ডৰ মূল অভিযুক্ত । উমেশ পাল হত্যাকাণ্ডৰ মূল অভিযুক্ত বিজয় চৌধুৰী ওৰফে ওছমান সোমবাৰে পুৱাই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰক্ষীৰ গুলীত নিহত হয় (UP encounter)।

ইতিমধ্যে উমেশ পাল হত্যাকাণ্ডৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পাচতে আৰক্ষীয়ে ওছমানক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছিল । চিচিটিভি ফুটেজ অনুসৰি উমেশ পালৰ বাহনখন ৰোৱাৰ লগে লগে তেওঁৰ ওচৰলৈ যোৱা এগৰাকী লোকে উমেশ পাল আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ ওপৰত পিষ্টলেৰে গুলীচালনা কৰে । আৰক্ষীৰ মতে এই ঘটনাত জড়িত হত্যাকাৰী সোমবাৰে পুৱাই আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় (Police killed accused involved in Umesh Pal murder)। আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজৰ এই সংঘৰ্ষ প্ৰয়াগৰাজৰ কৌন্ধিয়াৰা আৰক্ষী থানাৰ অন্তৰ্গত এক স্থানত হৈছিল ।

আৰক্ষী সূত্ৰই জনোৱা মতে উমেশ পালৰ হত্যাকাৰীৰ অনুসন্ধানৰ বাবে যোৱা আৰক্ষীৰ দলটোক লক্ষ্য কৰি দুৰ্বৃত্তই প্ৰথমে গুলীচালনা কৰে । ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও ওছমানক লক্ষ্য কৰি গুলীচালনা কৰে । অৱশ্যে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ওছমান । লগে লগে আৰক্ষীয়ে আহত ওছমানক এছআৰএন চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে (Prajayagraj encounter)।

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ওছমান প্ৰয়াগৰাজৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই জনাইছে । তেওঁৰ বিৰুদ্ধে ইতিমধ্যে বহুতো গোচৰ ৰুজু হৈ আছে । উমেশ পালৰ হত্যাৰ গোচৰৰ চিচিটিভি ভিডিঅ'ত বিজয় চৌধুৰী ওৰফে ওছমানক খোজকাঢ়ি অহা দেখা গৈছিল । সোমবাৰে উমেশ পালৰ হত্যাৰ দশম দিন । হত্যাকাৰীক কৰায়ত্ত কৰা বাবে প্ৰয়াগৰাজ আৰক্ষী আৰু ইউপি এছটিএফে নিৰন্তৰ অভিযান চলাই আহিছিল ।

উমেহ পাল হত্যাকাণ্ডৰ ভিডিঅ'টোত ওছমানৰ উপস্থিতিৰ পাছতে আৰক্ষীয়ে উমেশ পালৰ হত্যাকাৰীসকলৰ বিৰুদ্ধে পুৰস্কাৰৰ পৰিমাণ ২.৫ লাখ টকালৈ বৃদ্ধি কৰে । বিজয় চৌধুৰীৰ বিৰুদ্ধে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে ।

লগতে পঢ়ক :Manish Sisodia arrest update: মনীষ চিছোদিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীলৈ 9 বিৰোধী দলৰ পত্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.