ETV Bharat / bharat

উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণ: পুনৰ দুটা মৃতদেহ উদ্ধাৰ - ধৌলিগংগা নদী

তপোবন সুৰংগৰ পৰা উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণত সন্ধানহীন দুগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ ৷ উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সদৰী কৰিছে এই কথা ৷ বৰ্তমানলৈকে 40 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ ৷ এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান ৷

Two more bodies recovered at Tapovan tunnel

author img

By

Published : Feb 14, 2021, 7:48 PM IST

নেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণত সন্ধানহীন হোৱা আৰু দুগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ 7 ফেব্ৰুৱাৰীৰ পৰাই চলি থকা উদ্ধাৰ অভিযান চলি থকা তপোবন সুৰংগত পুনৰ দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে দেওবাৰে এই কথা সদৰী কৰে ৷

হিমবাহ বিস্ফোৰণৰ ফলত সংঘটিত জলপ্ৰলয়ৰ ফলত বৰ্তমানলৈকে সন্ধানহীন লোকৰ মুঠ 40 গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ অধিকাংশকে বৰ্তমানলৈও চিনাক্ত কৰিব পৰা হোৱা নাই ৷

SDRF আৰু NDRF ৰ লগতে উত্তৰাখণ্ডৰ আৰক্ষীয়ে 7 ফেব্ৰুৱাৰীৰ পৰা উদ্ধাৰ অভিযান চলাই আছে বুলি টুইটযোগে জানিবলৈ দিয় অশোক কুমাৰে তপোবন সুৰংগৰ পৰা পুনৰ দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ কথা সদৰী কৰে ৷

মৃতদেহ দুটা উদ্ধাৰৰ পাছতে উদ্ধাৰ অভিযান আৰু অধিক ক্ষীপ্ৰতৰ কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে ৷ চামোলি জিলাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট স্বাতি ভাদোৰিয়াই এই কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, উত্তৰাখণ্ডৰ চামোলি জিলাৰ তপোবন ৰেনি অঞ্চলত দেওবাৰে সংঘটিত আকস্মিক হিমবাহ বিস্ফোৰণৰ ফলত ধৌলিগংগা নদীৰ লগতে অলকানন্দা নদীত জলপ্ৰলয়ৰ সৃষ্টি হৈ ঋষিগংগা শক্তি প্ৰকল্পৰ লগতে বহু ঘৰ দুৱাৰৰ বিস্তৰ ক্ষতি সাধন কৰে ৷

লগতে পঢ়ক: উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণত সন্ধানহীন অসমৰ তিনি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.