ETV Bharat / bharat

Donating hair to cancer patient: 2 বছৰীয়া শিশুৱে দাঙি ধৰিলে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন

author img

By

Published : Oct 23, 2022, 2:17 PM IST

ভয়ংকৰ ৰোগ বুলি গণ্য কৰা কৰ্কট ৰোগক ৷ সমগ্ৰ বিশ্বতে এই ৰোগে বহু লোকৰ প্ৰাণ কাঢ়িছে । বিশেষকৈ ভাৰতত এই ৰোগৰে আক্ৰান্ত হৈছে বহুলোক ৷ এই ৰোগৰ চিকিৎসাত কেমোথেৰাপি গ্ৰহণ কৰাৰ সময়ত ৰোগীয়ে হেৰুৱাই পেলাই চুলি ৷ এইক্ষেত্ৰত মঙলুৰুৰ এহাল দম্পতীয়ে মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে এগৰাকী কৰ্কট ৰোগীক নিজৰ কন্যাৰ চুলি দান কৰি মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে (Donating hair to cancer patient) ।

Two year old girl sets an example donating hair to cancer patients
2 বছৰীয়া শিশুৱে দাঙি ধৰিলে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: 2 বছৰীয়া শিশুৱে দাঙি ধৰিলে সকলোৰে বাবে আদৰ্শ ৷ মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে আদ্যা কুলালে ৷ কৰ্কট ৰোগীক নিজৰ চুলি দান কৰি আদ্যা কুলালে দেখুৱালে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন (Child set example) ৷

উল্লেখ্য যে গুজৰাটৰ মাৰোলীত বসবাস কৰা সুমলথা আৰু ভাৰত কুলালৰ কন্যা হৈছে 2 বছৰীয়া আদ্যা কুলালে ৷ কেন্সাৰ ৰোগীৰ বাবে উইগ বনাবলৈ চুলি দান কৰিলে এই দুবছৰীয়া শিশুটিয়ে (Adya Kulal donated her hair) ৷ দক্ষিণৰ বিধায়ক বেদব্যাস কামথে নিজৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰে এই খবৰটো । তাৰ পিছতেই একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে প্ৰশংসাৰে বুৰাই পেলাই ৷

লগতে পঢ়ক: ব্যক্তিগত খণ্ডলৈ আদৰ্শ বিদ্যালয়, তৎপৰ ৰণোজ পেগু

বিধায়কগৰাকীয়ে ফেচবুকযোগে কয়, "আদ্যা কুলালৰ সাহস আৰু আগ্ৰহ দেখি মই সঁচাকৈয়ে অনুপ্ৰাণিত হৈছিলো । ইমান কম বয়সতে তেওঁ কৰ্কট ৰোগীক চুলি দান কৰিছিল । ইয়াৰ দ্বাৰা কণমানিটিয়ে সমাজৰ বাবে আদৰ্শ হৈ বহুতকে অনুপ্ৰাণিত কৰিছে । সুমালতা আৰু ভাৰত কুলালে কণমানিটিক সঠিক ধৰণে লালন-পালন কৰিছে । যেতিয়া কণমানিটি ডাঙৰ হ’ব, তেতিয়া তাই এই বিষয়ে জানিব পাৰি বহুত সুখী হ’ব,”৷

উল্লেখ যে আজিৰ যুগত বহু লোকে কৰ্কট ৰোগৰ সৈতে যুঁজি আছে ৷ অৱশ্যে চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে আক্ৰান্তসকল ৷ কিন্তু আটাইতকৈ দুখৰ বিষয় যে চিকিৎসাৰ সময়ত কেমোথেৰাপি গ্ৰহণ কৰা সকলৰ চুলি সৰি যায় । এইক্ষেত্ৰত পুৰুষে চুলি সৰাৰ সৈতে মোকাবিলা কৰিব পাৰে যদিও মহিলা আৰু ছোৱালীয়ে চুলি সৰাটো সহ্য কৰিব নোৱাৰে । সেয়েহে উইগ লগাই কিছু হ’লেও আত্মবিশ্বাসী হোৱা পৰিলক্ষিত হয় কৰ্কট ৰোগীসকল (Child donate her hair to cancer patient) ।

মনকৰিবলগীয়া যে, এই কণমানিটিৰ অভিভাৱকে কণমানিটিৰ চুলি দান কৰি মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ৷

লগতে পঢ়ক: Sattriya dance workshop: গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.