নিউজ ডেস্ক, 16 জুলাই : শুকুৰবাৰে পুৱতি নিশা জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ দানমাৰ অঞ্চলত সংঘটিত হৈছে ভাৰতীয় নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ ঘটনা । "শ্ৰীনগৰৰ দানমাৰ অঞ্চলৰ আলমদাৰ কলনীত এতিয়াও অব্যাহত আছে এনকাউণ্টাৰ । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথভাৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে গুলিবৰ্ষণ ৷ ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে টুইটাৰযোগে সদৰি কৰিছে এই তথ্য।
জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলিবৰ্ষণ অব্যাহত আছে । উক্ত অঞ্চলটোত এতিয়াও দুজন সন্ত্ৰাসবাদী লুকাই আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷ এই সমগ্ৰ অঞ্চলটো সেনা বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে । এটা গোপন তথ্যৰ ভিত্তিত সন্ত্ৰাসবাদী লুকাই থকা খবৰ পাই অঞ্চলটোত লুকাই থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে এটা তালাচী অভিযান চলায় ৷ উক্ত তালাচীৰ সময়তে নিৰাপত্তাৰক্ষীক উদ্দেশ্য কৰি সন্ত্ৰাসবাদীয়ে গুলিচালনা কৰে বুলি আৰক্ষীয় সূত্ৰে জানিব পৰা গৈছে ।
ইয়াৰ প্ৰত্যুত্তৰতে ভাৰতীয় নিৰাপত্তাৰক্ষীৰ গুলিত নিহত হয় দুই সন্ত্ৰাসবাদী । নিহত দুই সন্ত্ৰাসবাদী লস্কৰ–ই–তৈবাৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে । বিগত সপ্তাহতো জম্মু–কাশ্মীৰৰ অনন্তনাগ জিলাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ তিনি সন্ত্ৰাসবাদী নিহত হৈছিল ।
লগতে পঢ়ক-হত্যাৰ গোচৰত অভিযুক্ত বেংক মেনেজাৰ: বাক্সাত উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী