ETV Bharat / bharat

Mig-21 crash in Rajasthan: ৰাজস্থানৰ বাৰমেৰত দুৰ্ঘটনাত পতিত মিগ-২১ ৰ দুয়োজন পাইলটৰ মৃত্যু

author img

By

Published : Jul 29, 2022, 8:03 AM IST

বৃহস্পতিবাৰে নিশা ৰাজস্থানৰ বাৰমেৰ জিলাত এখন মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ যুঁজাৰু বিমানখনত থকা দুয়োজন পাইলটৰে মৃত্যু হোৱাৰ তথ্য সদৰি কৰিলে ভাৰতীয় বায়ু সেনাই (Two pilots killed in IAF MiG 21 crash)৷

Two pilots killed in IAF MiG-21 crash in Rajasthan's Barmer
ৰাজস্থানৰ বাৰমেৰত মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাত দুয়োজন পাইলটৰ মৃত্যু

নেশ্যনেল ডেস্ক, 29 জুলাই: ৰাজস্থানৰ ভাৰত-পাকিস্তান সীমান্তৰ বাৰমেৰ জিলাত বৃহস্পতিবাৰে নিশা ভাৰতীয় বায়ু সেনাৰ এখন যুঁজাৰু বিমান মিগ-21 দুৰ্ঘটনাত পতিত হৈছিল ৷ এই দুৰ্ঘটনাত বিমানখনত থকা দুয়োজন পাইলটৰে মৃত্যু হৈছে (Two pilots killed in IAF MiG 21 crash)৷

ঘটনাৰ তথ্য অনুসৰি ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানখন বাৰমেৰ জিলাৰ বাইতু আৰক্ষী থানাৰ অন্তৰ্গত ভিমৰা গাঁৱত নিশা প্ৰায় ৯ বজাত দুৰ্ঘটনাত পতিত হৈছিল (Fighter plane crash in Barmer)।

দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই বিমানখনক জুইৰ লেলিহান শিখাই ছানি ধৰে আৰু যুঁজাৰু বিমানখনৰ ধ্বংসাৱশেষ প্ৰায় এক কিলোমিটাৰ এলেকা পৰ্যন্ত ছিটিকি পৰে(Fighter plane crash in Barme) ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই বাৰমেৰ জিলাৰ আৰক্ষী, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । ইয়াৰোপৰি ভাৰতীয় বায়ু সেনাৰ শীৰ্ষ বিষয়াসহ এটা দলো ঘটনাস্থলীলৈ ৰাওনা হয় ৷

ইতিমধ্যে বিমানখনত থকা দুয়োগৰাকী পাইলটৰে মৃত্যু হোৱাৰ তথ্য সদৰি কৰিছে ভাৰতীয় বায়ু সেনাই ৷ লগতে মৃত্যু হোৱা পাইলট দুজনৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

ইফালে ভাৰতীয় বায়ু সেনাই তেওঁলোকৰ অফিচিয়েল হেণ্ডেলত টুইট কৰি এই দুৰ্ঘটনাটোত আৰু লোক হতাহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Mig-21 crash in Rajasthan: ৰাজস্থানৰ বাৰমেৰত মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.