ETV Bharat / bharat

ত্ৰিপুৰাত শোকাৱহ ৰে’ল দুৰ্ঘটনাত নিহত দুই ৰে’ল কৰ্মী - ৰে’ল কৰ্মী মৃত্যু

দেওবাৰে তেলিয়ামুৰাৰ লাখাইবজাৰ অঞ্চলত শোকাৱহ ৰে’ল দুৰ্ঘটনা ৷ মালবাহী ৰে’লৰ সৈতে মুখামুখি সংঘৰ্ষ কৰ্তব্যৰত অৱস্থাত থকা উত্তৰ-পূৱ সীমান্ত ৰে’লৱে কৰ্মীৰ এখন ট্ৰ’লীৰ ৷ দুজন নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত ৷

tripura train accident
ত্ৰিপুৰাত শোকাৱহ ৰে’ল দুৰ্ঘটনা
author img

By

Published : Apr 19, 2021, 8:47 AM IST

আগৰতলা,19 এপ্ৰিল : ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ লাখাইবজাৰ অঞ্চলত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ৰে’ল দুৰ্ঘটনা ৷ এখন মালবাহী ৰে’লে মহতিয়াই নিয়ে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এজন কনিষ্ঠ অভিযন্তা আৰু এজন ট্ৰলীমেনক । ইয়াৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক ৷

স্থানীয় আৰক্ষী সূত্ৰই জনোৱা মতে, মৃত লোক দুজন উত্তৰ প্ৰদেশৰ বাসিন্দা ট্ৰলীমেন অখিল যাদৱ (50) আৰু কনিষ্ঠ অভিযন্তাজন ৰাজেশ সিনহা (55) বুলি চিনাক্ত কৰা হৈছে । ৰাজেশ সিনহা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জিৰানিয়া-তেলিয়ামুৰা শাখাৰ কনিষ্ঠ অভিযন্তাৰ দায়িত্বত আছিল ৷

আনহাতে, ৰে’লৱেৰ সূত্ৰই সদৰি কৰা মতে, কনিষ্ঠ অভিযন্তাৰ নেতৃত্বত চাৰিজন কৰ্মচাৰীয়ে তেলিয়ামুৰা ৰে’ল ষ্টেচন এৰি এটা অংশ মেৰামতি কৰি আছিল ৷ আবেলি প্ৰায় 3.30 বজাত কিছু সামগ্ৰীৰ প্ৰয়োজন হোৱাত তেওঁলোক তেলিয়ামুৰা সুৰংগৰ সমীপত উপস্থিত হয় ৷ তেনে সময়তে তেওঁলোকৰ ট্ৰলীখন জিৰানিয়াৰ পৰা ধৰ্মনগৰ অভিমুখে গৈ থকা সামগ্ৰী ভৰ্তি ট্ৰেইনৰ এটা ইঞ্জিনৰ সন্মুখত পৰে ৷

তেওঁলোকে আঁতৰি দিয়াৰ পূৰ্বেই ৰে’লখনে তেওঁলোকক মহতিয়াই নিয়ে ৷ উক্ত ঘটনাৰ ফলত কনিষ্ঠ অভিযন্তা আৰু সন্মুখৰ শাৰীত বহি থকা ট্ৰলীমেনজন ঘটনাস্থলীতে নিহত হয় । আনহাতে পিছৰ শাৰীত বহি থকা দুজনে ট্ৰলীৰ পৰা জপিয়াই দিয়ে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

আন এক প্ৰাপ্ত তথ্য অনুসৰি, দুয়োজন ৰে’ল কৰ্মীৰ নশ্বৰ দেহ তেলিয়ামুৰা চিকিৎসালয়ৰ মৰ্গলৈ নিয়া হয় । মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ পাচত পৰিয়ালৰ সদস্যসকলক অন্তিম সৎকাৰৰ বাবে অনুমতি দিয়া হ’ব । উক্ত ঘটনাৰ পাচতে যাত্ৰাত বিলম্বন হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে শতাধিক যাত্ৰীয়ে ৷ ঘটনা সন্দৰ্ভত শীঘ্ৰেই বিষয়টোৰ আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে যুঁজিবলৈ মহিলাক আমন্ত্ৰণ ত্ৰিপুৰাৰ বিজেপি বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.