ETV Bharat / bharat

ত্ৰিপুৰাত দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ - ত্ৰিপুৰাত দুগৰাকী কিশোৰীক ধৰ্ষণ

ত্ৰিপুৰাত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল আঠ অভিযুক্ত ৷ কিশোৰীক দুগৰাকীক প্ৰাকৃতিক দৃশ্য দেখুওৱাৰ চলেৰে ঘন জংঘলৰ মাজলৈ নি ধৰ্ষণকাৰ্য সংঘটিত কৰে অভিযুক্ত যুৱকৰ দলটোৱে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 341/376 (D)/506 আৰু 6 POSCO ৰ অধীনত যুৱক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু ৷

two minor girls allegedly gangraped in tripura
ত্ৰিপুৰাত দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ
author img

By

Published : Mar 31, 2021, 11:20 AM IST

ত্ৰিপুৰা,31 মাৰ্চ: ত্ৰিপুৰাত আঠজনকৈ যুৱকে দুগৰাকী কিশোৰীক কৰা দলবদ্ধ ধৰ্ষণ কাণ্ডই ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ অভিযোগ অনুসৰি ত্ৰিপুৰাৰ খ'ৱাই জিলাৰ খাতিয়াবাৰী অঞ্চলত আঠজন যুৱকে দুগৰাকী কিশোৰীক প্ৰাকৃতিক দৃশ্য দেখুওৱাৰ চলেৰে মাতি নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে ৷

two minor girls allegedly gangraped in tripura eight accused arrested
ভাৰতীয় দণ্ডবিধি আইনৰ 341/376 (D)/506 আৰু 6 POSCO ৰ অধীনত যুৱক কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু

ঘটনাৰ বিৱৰণী অনুসৰি, দুয়োগৰাকী কিশোৰী কেইগৰাকীমান বন্ধুৰ সৈতে ফুৰিবলৈ বুলি আবেলি সময়ত ওলাই যায় ৷ সোমবাৰে আবেলি কিশোৰী দুগৰাকীৰ চিনাকি বন্ধুৱে প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে তেওঁলোকক ঘৰৰ পৰা মটৰ চাইকেলত লৈ গৈছিল ৷ কিশোৰী দুগৰাকীৰ অভিভাৱকে জানিবলৈ দিয়া মতে, 9 বজাৰ ভিতৰত তেওঁলোক উভতি অহাৰ কথা ৷ কিন্তু, কিশোৰী দুগৰাকীৰ বন্ধুৱে ৰাস্তা সলনি কৰি কৰি খাতিয়াবাৰী অঞ্চললৈ যায় আৰু তাতেই মটৰ চাইকেল আৰোহী অন্য ছয়জন যুৱকে তেওঁলোকৰ সৈতে মিলি ঘন জংঘলৰ মাজলৈ গৈ ধৰ্ষণ কাণ্ড সংঘটিত কৰে ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুয়োগৰাকী কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ তথা নিৰ্যাতন চলায় যুৱকৰ দলটোৱে ৷ কিশোৰী দুগৰাকী অচেতন হৈ পৰাৰ পাছতে যুৱকৰ দলটোৱে তাৰ পৰা পলায়ন কৰে ৷ নিৰ্যাতিতা কিশোৰী দুগৰাকীয়ে নিশা প্ৰায় 1 বজাত কোনো প্ৰকাৰে অভিভাৱকৰ সৈতে যোগাযোগ স্থাপন কৰাৰ পাছতেই আৰক্ষীৰ সৈতে সকলো ঘটনাস্থলীত গৈ উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে ৷

প্ৰথমাৱস্থাত দুয়োগৰাকীকে খোৱাই হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি এগৰাকী কিশোৰীক আগৰতলাৰ জিবিপি হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুয়োগৰাকীৰে স্বাস্থ্যৰ অৱস্থা এতিয়াও যথেষ্ট সংকটজনক ৷ উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ প্ৰায় 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটাইকেইগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 341/376 (D)/506 আৰু 6 POSCO ৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷ বুধবাৰে আটাইকেইগৰাকী অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ'ব ৷

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজন হ'ল ক্ৰমে জগ্গু দেৱবৰ্মা (21), বিমল দেৱবৰ্মা (22), মাইকেল দেবৱৰ্মা (19), ৰিষিতা দেবৱৰ্মা(19), বিকাশ দেবৱৰ্মা (22), নিতেশ দেৱবৰ্মা (21), জুৱেল দেৱবৰ্মা (19) আৰু বিৰেশ দেৱবৰ্মা (19) ৷ আটাইকেইজন অভিযুক্ত ফুলতলী অঞ্চলৰ বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ত্ৰিপুৰাত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচীকলৈ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.