ETV Bharat / bharat

চিকিৎসা সাহাৰ্য লৈ ভাৰতত উপস্থিত ৰাছিয়াৰ বিমান - ভাৰতত উপস্থিত ৰাছিয়াৰ বিমান

ৰাছিয়াৰ পৰা ২০ টা অক্সিজেন কনচেন্ট্ৰেটৰ, ৭৫ টা ভেণ্টিলেটৰ, ১৫০ টা বেডচাইড মনিটৰ আৰু মুঠ ২২ মেট্ৰিক টন ঔষধ কঢ়িয়াই অনা দুখন বিমান বুধবাৰে পুৱা দিল্লী বিমানবন্দৰত উপস্থিত হয় ।

ভাৰতত উপস্থিত ৰাছিয়াৰ পৰা চিকিৎসা সামগ্ৰী কঢ়িওৱা বিমান

author img

By

Published : Apr 29, 2021, 1:50 PM IST

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে । ইয়াৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । বিশেষকৈ অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিছে ভাৰতত । ভাৰতৰ এই সংকটকালত সহায়ৰ বাবে বিশ্বৰ কেইবাখনো দেশ আগবাঢ়ি আহিছে ।

অন্যান্য সকলৰ লগতে ভাৰতক সহায় কৰাৰ বাবে ৰাছিয়া চৰকাৰো আগবাঢ়ি আহিছে । এই উদ্দেশ্যে ৰাছিয়া চৰকাৰে অক্সিজেনকে ধৰি ক'ভিড প্ৰতিৰোধৰ বাবে বিভিন্ন স্বাস্থ্যসেৱাৰ সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বুধবাৰে পুৱা ৰাছিয়াৰ পৰা অহা বিশেষ বিমান দিল্লী বিমানবন্দৰত উপস্থিত হয় ।

ৰাছিয়াৰ পৰা মুঠ ২০ টা অক্সিজেন কনচেন্ট্ৰেটৰ, ৭৫ টা ভেণ্টিলেটৰ, ১৫০ টা বেডচাইড মনিটৰ আৰু মুঠ ২২ মেট্ৰিকটন ঔষধ কঢ়িয়াই দুখনকৈ বিমান বুধবাৰে পুৱা দিল্লী বিমানবন্দৰত উপস্থিত হয় ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত অক্সিজেনৰ তীব্ৰ নাটনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.