ETV Bharat / bharat

গণেশৰ মূৰ্তি বিসৰ্জনৰ মাজতেই নৈৰ সোঁতে উটুৱাই নিলে দুই শিশুক - ঝান্সীৰ বেটৱা নদীত মূৰ্তি বিসৰ্জন

গণেশ পূজাৰ মূৰ্তি বিসৰ্জনৰ আনন্দ উল্লাসৰ মাজতেই এইবাৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ঝান্সীত গণেশ পূজাৰ মূৰ্তি বিসৰ্জন দিবলৈ গৈ দুই শিশু নিখোজ হৈ আছে (children drown in Betwa river)৷

Etv BharatTwo children drown in Betwa river during Ganesh idol immersion in Jhansi
Etv Bharatগণেশৰ মূৰ্তি বিসৰ্জনৰ মাজতেই নৈৰ সোঁতে উটুৱাই নিলে দুই শিশুক
author img

By

Published : Sep 10, 2022, 8:43 PM IST

নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ: দেশজুৰি পালন কৰা হ’ল গণেশ পূজা ৷ গণেশ পূজাৰ মূৰ্তি বিসৰ্জনৰ আনন্দ উল্লাসৰ মাজতেই এইবাৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ উত্তৰ প্ৰদেশৰ ঝান্সীত গণেশ পূজাৰ মূৰ্তি বিসৰ্জন কৰিবলৈ গৈ দুই শিশু নিখোজ হৈ আছে (Two children drown in Betwa river )৷

শুকুৰবাৰে বিয়লি ঝান্সীৰ বেটৱা নদীত মূৰ্তি বিসৰ্জন কৰিবলৈ যথেষ্ট সংখ্যক লোকৰ সমাগত ঘটে ৷ খুশিপুৰা এলেকাৰ শিক্ষক কলনীৰ লোকসকলেও এই বিসৰ্জন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ লোকসকলে পৰম্পৰাগত ৰীতি নীতি অনুসৰি মূৰ্তি বিসৰ্জন কৰিবলৈ নদীত নামোতেই প্ৰৱল সোঁতে উটুৱাই লৈ যায় 5 টাকৈ শিশুক (Two children drown in Ganesh idol immersion) ৷ লগে লগে বিসৰ্জনস্থলীত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয় ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বিসৰ্জনস্থলীত উপস্থিত থকা আৰক্ষীয়ে উদ্ধাৰকাৰী দলৰ সহযোগত তিনিটি শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই আন দুটি শিশুক ৷ শিশুদুটিৰ সন্ধানত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে শুকুৰবাৰে ভিন্ন স্থানৰ গণেশ পূজাৰ বিসৰ্জনস্থলীত এনেধৰণে সোঁতত বহু ভক্ত উটি যোৱা খবৰ প্ৰকাশ হৈছে ৷ হাৰিয়ানাত গণেশ পূজাৰ বিসৰ্জনস্থলীতো অনুৰূপ ঘটনা সংঘটিত হয় ৷ আসনৱাছ অঞ্চলৰ বৃহৎ পুখুৰীটোত মূৰ্তিটো বিসৰ্জন দি থাকোঁতে অধিক লোকৰ জনসমাগম হোৱাৰ পাছতে প্ৰবল সোঁতে বহু লোকক উটুৱাই লৈ গৈছিল ৷

লগতে পঢ়ক: গণেশৰ মূৰ্তি বিসৰ্জনৰ মাজতেই সোঁতে উটুৱাই নিলে কেইবাজনো ভক্তক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.