ETV Bharat / bharat

Honour Killing: অন্য জাতিৰ যুৱকৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে ভগ্নীক হত্যা দুই ভাতৃৰ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 7:51 PM IST

অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখাৰ বাবে ভগ্নীক হত্যা কৰিলে দুই ভাতৃয়ে ৷ ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়ে দুই ভাতৃ আৰু পিতৃ-মাতৃৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Honour Killing
অন্য জাতিৰ যুৱকৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে ভগ্নীক হত্যা দুই ভাতৃৰ

নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ : প্ৰেম কৰোঁতে সাৱধান হওক ৷ বলীউডৰ চিনেমাৰ দৰে কাহিনী ৷ অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখাৰ বাবে ভগ্নীক হত্যা কৰিলে দুই ভাতৃয়ে ৷ মহাৰাষ্ট্ৰ্ৰৰ চত্ৰপতি ছম্ভাজিনগৰ জিলাত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা ৷

প্ৰাপ্ত তথ্য অনুসৰি, চত্ৰপতি ছম্ভাজিনগৰ জিলাত বাস কৰা এগৰাকী যুৱতীয়ে এগৰাকী বিদেশী যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ৷ এই কথা যুৱতীগৰাকীৰ ঘৰত গম পোৱাৰ পিচতে হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ ঘৰৰ লোকে কোনো পধ্যেই এই সম্পৰ্কক মানি লোৱা নাছিল ৷ তেওঁলোকে যুৱতীগৰাকীক এই সম্পৰ্ক শেষ কৰিবলৈ বহুবাৰ বুজাইছিল ৷

কিন্তু ইয়াৰ পিচতো যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে ৰক্ষা শিৱৰাৰ এটা ঘৰত পলাই বাস কৰিছিল ৷ এই কথা ঘৰৰ লোকে জানিব পৰাৰ পিচতে পিতৃ-মাতৃয়ে দুই জ্যেষ্ঠ ভাতৃক ভগ্নীক বিচাৰি পঠিয়াই দিছিল ৷ খঙত অগ্নিশৰ্মা হৈ পিতৃ-মাতৃয়ে যুৱতীগৰাকীক বিচাৰি পালেই হত্যা কৰিবলৈ নিৰ্দেশ দিছিল ৷

ইফালে দুই ভাতৃয়ে হাতত কুঠাৰ লৈ ভগ্নীৰ সন্ধানত তেওঁলোকে বাস কৰি থকা বাসগৃহটোলৈ আহিছিল ৷ এই কথা যুৱতীগৰাকীয়ে গম পাই ঘৰটোৰ পৰা পলায়ন কৰি এগৰাকী লোকৰ পৰা সহায় বিচাৰিছিল ৷

উপায় নাপায় লোকজনে যুৱতীগৰাকীক পথাৰৰ মাজত থকা এটা ছাগলীৰ গড়ালত লুকাই থাকিবলৈ দিছিল ৷ পৰৱৰ্তী সময়তে সেই সময়তে যুৱতীগৰাকীৰ দুই ভাতৃ সেই স্থানত উপস্থিত হৈ সোধা-পোছা কৰি প্ৰথমে যুৱতীগৰাকীক সহায় কৰা লোকজনক প্ৰহাৰ কৰে ৷ তাৰ পিচতে ভগ্নীক বিচাৰি গড়ালটোৰ ভিতৰলৈ সোমাই যায় ৷ লোকজনে সুযোগ বুজি কোনোমতে সেই ঠাইৰ পৰা পলায়ন কৰি ততালিকে ছয়গাঁও আৰক্ষী থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে ৷

ঘটনাস্থলীত আৰক্ষী আহি পোৱাৰ পূৰ্বেই দুয়ো ভাতৃয়ে কুঠাৰেৰ কাটি ভগ্নীক নৃশংসভাৱে হত্যা কৰিছিল ৷ আৰক্ষীয়ে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষীয়ে দুই ভাতৃ আৰু পিতৃ-মাতৃৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Sensational murder in Nalbari:খুড়াকে হত্যা কৰি জংঘলত পুতি থলে যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.