ETV Bharat / bharat

Twitter: সলনি হ’ল টুইটাৰৰ ল’গ’; ইতিহাস হ’ল টুইটাৰৰ নীলা চৰাই

author img

By

Published : Jul 24, 2023, 4:20 PM IST

এক নতুন নামেৰে পৰিচিত হ’বলৈ গৈ আছে টুইটাৰ ৷ মাইক্ৰ’ ব্লগিং চাইটোৰ স্বত্বাধিকাৰী মাস্কে নতুন ল’গ’ৰে নিজৰ প্ৰফাইল পিকচাৰ সলনি কৰিছে । ইউ আৰ এলৰ সন্দৰ্ভতো টুইটাৰে এক ডাঙৰ ঘোষণা কৰিছে । ইয়াৰ ওপৰত কি আপডেট ?জানো আহক

Twitter: Name changed with logo! Musk hinted by changing his profile pic
সলনি হ’ল টুইটাৰৰ ল’গ’; ইতিহাস হ’ল টুইটাৰৰ নীলা চৰাই

নিউজ ডেস্ক, 24 জুলাই: টুইটাৰত ডাঙৰ পৰিৱৰ্তন । ল'গ' আৰু নাম সলনি! টুইটাৰ এতিয়া হয়তো এক্স নামেৰে জনাজাত হ’ব পাৰে । ব্যৱহাৰকাৰীয়ে নীলা ৰঙৰ ল’গ’ৰ পৰিৱৰ্তে এক্স ল’গ’টো দেখা পাব । কেৱল এয়াই নহয়, মাস্কে টুইটাৰৰ ৱেবছাইটও সলনি কৰিছে । আজি যিকোনো সময়তে মাস্কে কোম্পানীটোৰ ল’গ’ সলনি কৰিব পাৰে । নতুন ল’গ’ৰে কোম্পানীটোৰ নাম টুইট কৰি মাস্কে নিজৰ প্ৰফাইল ফটো সলনি কৰে । তেওঁ Xক তেওঁৰ প্ৰফাইল পিক হিচাপে ছেট কৰিছিল যিটো 23 তাৰিখে তেওঁ শ্বেয়াৰ কৰা ফটোখনৰ সৈতে একে ।

ইলন মাস্কে কোম্পানীটোৰ ল’গ’ আৰু ইউ আৰ এল দুয়োটা সলনি কৰিছে । টুইটাৰ ৱেবছাইটত প্ৰৱেশ কৰিবলৈ মাস্কে এটা নতুন লিংক (X.com) শ্বেয়াৰ কৰে । ইলন মাস্কে টুইট কৰি কয় যে, এক্স ডট কম এতিয়া টুইটাৰলৈ পুনৰ নিৰ্দেশিত হ’ব, অৰ্থাৎ ব্যৱহাৰকাৰীয়ে এক্স ডট কমৰ ইউ আৰ এল সন্ধান কৰাৰ পিছত টুইটাৰৰ চাইটটো খুলিব পাৰিব । X.comয়ে এতিয়া সন্ধান কৰাৰ সময়ত টুইটাৰ চাইটটো খুলি দিয়ে, আৰু টুইটাৰৰ বাবে ই এক ডাঙৰ পৰিৱৰ্তন । এতিয়া ব্যৱহাৰকাৰীয়ে twitter.com search ৰ পৰিৱৰ্তে X.com ত সন্ধান কৰিব লাগিব ।

দেওবাৰে কোম্পানীটোৰ ল’গ’ সলনিৰ বিষয়ে ইলন মাস্কে কয় যে, "অতি সোনকালে আমি টুইটাৰৰ নীলা চৰাইটোক বিদায় দিম । টুইটাৰৰ চৰাইৰ ল'গ'টোৰ ঠাইত এক্স এটা ব্যৱহাৰ কৰিবলৈ আমাক ব্যৱহাৰকাৰীৰ ইনপুটৰ প্ৰয়োজন আৰু উপযুক্ত ল'গ' পোৱাৰ লগে লগে ল'গ'টো সলনি কৰিম ।" তেওঁ লগতে কয়, "আজি ৰাতিৰ ভিতৰত যদি এটা ভাল ল'গ' পোষ্ট কৰা হয়, তেন্তে আজিৰ পৰা বিশ্বজুৰি লাইভ হ'ব । সেয়া হ'ব টুইটাৰৰ নতুন ল'গ'। যোৱা সন্ধিয়া মাস্কেও নিজৰ প্ৰফাইলত এটা ভিডিঅ' পিন কৰিছিল ।" মাস্কে এতিয়া এক্স ল’গ’ থকা ফটোখনত নিজৰ প্ৰফাইল পিক ছেট কৰিছে । ই কোম্পানীটোৰ নতুন ল’গ’ হ’ব পাৰে ।

চীনৰ ৱেচাটৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব এক্স

ইলন মাস্কে এক্সক চীনৰ ৱেচাটৰ দৰে কৰি তুলিব বিচাৰিছে । জনপ্ৰিয় ছ’চিয়েল মিডিয়া এপ হোৱাৰ উপৰিও ৱেচাটে মানুহক বেংকিং আৰু পেমেণ্টৰ সুবিধাও প্ৰদান কৰে । মাস্কেও টুইটাৰ বা এক্সলৈ এনে সুবিধা আনিব বিচাৰে । কালি এক্সৰ চিইঅ’ লিণ্ডা ইয়াকাৰিনোৱেও এই বিষয়ত কিবা এটা টুইট কৰিছিল, য’ত তেওঁ কোম্পানীটোৰ ৰোডমেপ ল’গ’ৰ সৈতে শ্বেয়াৰ কৰিছিল । অতি সোনকালে ব্যৱহাৰকাৰীয়ে এক্সত ভিডিঅ’ কলিং, বেংকিং আৰু পেমেণ্টৰ দৰে বৈশিষ্ট্য লাভ কৰিব পাৰিব ।

টুইটাৰৰ চিইঅ’ লিণ্ডা ইয়াকাৰিনোৱে টুইট কৰে

  • X is the future state of unlimited interactivity – centered in audio, video, messaging, payments/banking – creating a global marketplace for ideas, goods, services, and opportunities. Powered by AI, X will connect us all in ways we’re just beginning to imagine.

    — Linda Yaccarino (@lindayacc) July 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটাৰৰ চিইঅ’ লিণ্ডা ইয়াকাৰিন’ই কেইঘণ্টামান পূৰ্বে টুইট কৰিছিল, "ইতিবাচক পৰিৱৰ্তনৰ কোনো সীমা নাই । এক্সে যোগাযোগৰ বাবে নতুন ভৱিষ্যতৰ ৰচনা কৰিব । টুইটাৰে সমালোচকৰ পৰা অনুপ্ৰাণিত হৈ বিগত সময়ত নতুন কিবা এটা কৰিবলৈ আহিছে । ইয়াৰ ফলত এক্সৰ নতুন ৰূপ দেখা যাব । ইলন মাস্ক আৰু মই বিগত ৮ মাহ ধৰি ইয়াৰ ওপৰত কাম কৰি আহিছো । আমি নতুন আৰু নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিম ।"

লগতে পঢ়ক: Twitter logo : ইতিহাস হ'ব নেকি টুইটাৰৰ নীলা চৰাইৰ ল'গ' ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.