নেশ্যনেল ডেস্ক, ২১ মে': মোডী চৰকাৰক লক্ষ্য কৰি কংগ্ৰেছে প্ৰস্তুত কৰা এক টুলকিটৰ ওপৰত টুইট কৰাৰ পিছতে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰৰ সেই টুইটক ‘মেনিপুলেটেড মিডিয়া’ বুলি মূল্যাংকন কৰিছে ।
টুইটাৰে জনোৱা মতে প্ৰতাৰণামূলকভাৱে প্ৰৱৰ্তন কৰা বা প্ৰস্তুত কৰা কৰা ভিডিঅ', অডিঅ' আৰু ছবি থকা টুইটবোৰক লেবেল লগাব পাৰে ।
কংগ্ৰেছে বৃহস্পতিবাৰে টুইটাৰ কতৃপক্ষলৈ অনুৰোধ জনাই লিখিছিল যে সমাজত ভুল তথ্য আৰু অস্থিৰতা বিয়পোৱাৰ বাবে বিজেপি দলৰ মুৰব্বী জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকে ধৰি বিজেপি নেতাসকলৰ একাউণ্ট স্থায়ীভাৱে স্থগিত ৰাখিব লাগে ।
কংগ্ৰেছ দলটোৱে লগতে কৈছে যে বিজেপিয়ে ফ্লেগ কৰা টুলকিট নথিসমূহ ভুৱা আৰু বিজেপিৰ নেতাসকলৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে । আনহাতে, ছট্টিশগড় আৰক্ষীয়ে বিষয়টোৰ তদন্তৰ বাবে এক এজাহাৰ পঞ্জীয়নো কৰিছে।
উল্লেখ্য যে, তথাকথিত টুলকিটৰ কিছুমান বিতৰ্কিত বিষয়কলৈ বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰি আহিছে । সম্বিত পাত্ৰকে ধৰি বিজেপি নেতাসকলে টুলকিটক লৈ কংগ্ৰেছক আক্ৰমণ কৰিবলৈ ইতিমধ্যে অসংখ্য টুইট পোষ্ট কৰিছে ।
লগতে পঢ়ক:মহাৰাষ্ট্ৰত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 13 নক্সালবাদী