ETV Bharat / bharat

Tushar Gandhi detain by police: মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীক আটক - Quit India Movement

মহাৰাষ্ট্ৰৰ ছাণ্টাক্ৰুজ আৰক্ষীয়ে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীক আটক কৰিছে বুলি টুইটযোগে দাবী কৰিছে ৷ শান্তি যাত্ৰাত ভাগ লোৱাৰ পূৰ্বে আৰক্ষীয়ে আটক কৰে তুষাৰ গান্ধীক ৷

Tushar Gandhi detain by police
মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধী
author img

By

Published : Aug 9, 2023, 10:41 AM IST

Updated : Aug 9, 2023, 11:58 AM IST

নেশ্যনেল ডেস্ক, 9 আগষ্ট : জাতিৰ পিতা মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীক মহাৰাষ্ট্ৰৰ ছাণ্টাক্ৰুজ আৰক্ষীয়ে আটক কৰিছে বুলি দাবী কৰিছে তুষাৰ গান্ধীয়ে । আগষ্ট বিপ্লৱ দিৱস উপলক্ষে শান্তি যাত্ৰা উলিওৱাৰ পূৰ্বেও ছাণ্টাক্ৰুজ আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে । ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বাৰ্তাত তুষাৰ গান্ধীয়ে কয়, ‘‘প্ৰতি বছৰৰ দৰে এইবাৰো আমি শান্তি যাত্ৰা উলিওৱাৰ বাবে কাৰ্যপন্থা হাতত লৈছিলো । কিন্তু শাসকসকলে এই শান্তি যাত্ৰাই আইন-শৃংখলাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি অনুভৱ কৰিছিল ।’’

মুম্বাইৰ চান্টাক্ৰুজ থানাত আৱদ্ধ কৰি ৰখা বুলি দাবী কৰি টুইটাৰত তুষাৰ গান্ধীয়ে কয়, "স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 9 আগষ্টৰ ভাৰত ত্যাগ দিৱসৰ স্মৃতিত ঘৰৰ পৰা ওলাই অহাৰ সময়ত মোক ছান্টাক্ৰুজ থানাত আৱদ্ধ কৰি ৰখা হৈছে । মই গৌৰৱান্বিত যে মোৰ আতা আৰু আইতা বাপু আৰু বাক ব্ৰিটিছ আৰক্ষীয়েও এই ঐতিহাসিক তাৰিখত গ্ৰেপ্তাৰ কৰিছিল ।"

শান্তি যাত্ৰাৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ আগতেই ছান্টাক্ৰুজ আৰক্ষীয়ে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীক গ্ৰেপ্তাৰ কৰে । তুষাৰ গান্ধীয়ে আগষ্ট বিপ্লৱক লৈ শাসকসকলে গৌৰৱবোধ নকৰে বুলি উল্লেখ কৰি এক চুইটযোগে পুনৰ কয়, ‘‘আন্দোলনৰ মনোভাৱ যাতে পুনৰুজ্জীৱিত নহয় তাৰ বাবে ব্যৱস্থা লোৱা উচিত আছিল । এতিয়া যাবলৈ অনুমতি দিলে ।’’

উল্লেখ কৰা প্ৰয়োজন যে, 1942 চনৰ 9 আগষ্টত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মহাত্মা গান্ধীয়ে ভাৰতত ব্ৰিটিছৰ শাসন বন্ধ কৰাৰ দাবীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বোম্বাই অধিৱেশনত আৰম্ভ কৰা আন্দোলনেই হ’ল ভাৰত ত্যাগ আন্দোলন ।

লগতে পঢ়ক : Bilkis Bano rape case: গণ আন্দোলনে ন্যায়ালয়ৰ ৰায়ৰ ক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে; সৰ্বোচ্চ ন্যায়ালয়

Last Updated : Aug 9, 2023, 11:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.