ETV Bharat / bharat

চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ প্ৰস্তাৱ

author img

By

Published : Apr 29, 2022, 1:25 PM IST

উত্তৰ-পূব পৰিষদে ত্ৰিপুৰাৰ পশ্চিম জিলাৰ ব্ৰহ্মকুণ্ডা চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ২.৩০ কোটি টকা মঞ্জুৰ কৰিছে (Special grant for modernization of Brahmakunda Tea Garden)। চাহ বাগিচাবোৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমে উত্তৰ-পূব পৰিষদক তিনিটা প্ৰস্তাৱ আগবঢ়াইছিল ।

Tripura
চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ প্ৰস্তাৱ

আগৰতলা,২৯ এপ্ৰিল : চাহ বাগিচাবোৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে গুৰুত্ব আৰোপ কৰিছে ত্ৰিপুৰা চৰকাৰে । ত্ৰিপুৰা চাহ উন্নয়ন নিগমে ইতিমধ্যে উত্তৰ-পূব পৰিষদক এই ক্ষেত্ৰত প্ৰস্তাৱ প্ৰেৰণ কৰিছে (TTDC proposes to NEC to modernize tea gardens)। জানিব পৰা মতে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ এক প্ৰস্তাৱত সঁহাৰি জনাইছে উত্তৰ-পূৱ পৰিষদে ।

উত্তৰ-পূব পৰিষদে ত্ৰিপুৰাৰ পশ্চিম জিলাৰ ব্ৰহ্মকুণ্ডা চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ২.৩০ কোটি টকা মঞ্জুৰ কৰিছে (Special grant for modernization of Brahmakunda Tea Garden) । উল্লেখ্য যে চাহ উন্নয়ন নিগমে তিনিটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেইকেইটা হৈছে ব্ৰহ্মকুণ্ডা, দুৰ্গাবাৰী চাহ বাগিচাৰ আধুনিকীকৰণ আৰু দুৰ্গাবাৰী চাহ বাগিচাত এটা চাহ সংগ্ৰহালয় স্থাপন কৰা ।

চাহ উন্নয়ন নিগমৰ অধ্যক্ষ সন্তোষ সাহাই কয় যে সেই প্ৰস্তাৱকেইটা কেইমাহমান পূৰ্বে উত্তৰ-পূৱ পৰিষদলৈ (NEC) প্ৰেৰণ কৰা হৈছিল । NEC য়ে ব্ৰহ্মকুণ্ডা চাহ বাগানৰ আধুনিকীকৰণৰ বাবে ২.৩০ কোটি টকা মঞ্জুৰ কৰিছে । তেওঁ আশা কৰা মতে NECয়ে শীঘ্ৰেই দুৰ্গাবাৰী চাহ বাগিচাৰ বিকাশৰ বাবে বাকী ধন মঞ্জুৰ কৰিব আৰু এটা চাহ সংগ্ৰহালয় স্থাপন কৰিব ।

সাহাই লগতে জনায় যে প্ৰশাসনে চাহ বাগিচাৰ শ্ৰমিকসকলৰ প্ৰতিটো পৰিয়ালক ভূমি প্ৰদানৰ বাবে ভূমি প্ৰমাণীকৰণৰ জৰীপৰ কাম আৰম্ভ কৰিছে । তেওঁ উল্লেখ কৰা মতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰদেৱে দিয়া প্ৰতিশ্ৰুতি অনুসৰি, সংশ্লিষ্ট জিলা দণ্ডাধীশ আৰু মহকুমা দণ্ডাধীশসকলে চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিটো পৰিয়ালক ভূমি যোগান ধৰাৰ বাবে তেওঁলোকৰ জৰীপৰ কাম আৰম্ভ কৰিছে ।

জৰীপৰ সময়ত, দেখা গৈছে যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওচৰত কোনো সঠিক নথিপত্ৰ নাই । সেয়েহে চৰকাৰে তেওঁলোকক আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আদি সকলো ধৰণৰ নথিপত্ৰ প্ৰদান কৰাৰো সিদ্ধান্ত লৈছে বুলি সাহাই উল্লেখ কৰে ।

লগতে পঢ়ক :ত্ৰিপুৰাত হ্ৰাস পাইছে নাৰিকলৰ উৎপাদন : কৃষিমন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.