ETV Bharat / bharat

তিৰুপতি বালাজী মন্দিৰ দৰ্শনত নিষেধাজ্ঞা

author img

By

Published : Apr 8, 2021, 2:15 PM IST

অতিমাৰী ক'ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তিৰুমালা তিৰুপতি দেৱস্থানামছে (টিটিডি)য়ে তিৰুপতি বালাজী মন্দিৰত সৰ্ব দৰ্শন টোকেন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা ১১ এপ্ৰিলৰ পৰা টোকেন স্থগিত অৰ্থাৎ মন্দিৰ দৰ্শন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

তিৰুপতি বালাজী মন্দিৰ দৰ্শনত নিষেধাজ্ঞা
তিৰুপতি বালাজী মন্দিৰ দৰ্শনত নিষেধাজ্ঞা

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ইয়াৰ বাবে এতিয়া দেশৰ কোনো কোনো ঠাইত কঠোৰ হৈ পৰিছে ৰাজ্য প্ৰশাসন । কেতবোৰ স্থানত প্ৰৱেশৰ ক্ষেত্ৰতো কঠোৰ নিৰ্দেশনা গ্ৰহণ কৰিছে ৰাজ্য প্ৰশাসনসমূহে । তিৰুমালা তিৰুপতি দেৱস্থানামছে (টিটিডি)ৰো কঠোৰ সিদ্ধান্ত গ্ৰহণ । অতিমাৰী ক'ৰণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তিৰুপতি বালাজী মন্দিৰত সৰ্ব দৰ্শন টোকেন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অহা ১১ এপ্ৰিলৰ পৰা টোকেন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অন্ধ্ৰ প্ৰদেশতো অতিমাৰী ক'ৰণাৰ অধিক সংক্ৰমণ ঘটিছে । কমেও ১০ খন জিলাত নিতৌ শ শ নতুন ঘটনা সংঘটিত হৈছে । যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মুঠ ২,৩৩১ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে । অন্ধ্ৰ প্ৰদেশত ১.৫৩ কোটি নমুনা পৰীক্ষাৰ পিছত পজিটিভ ঘটনা ৯,১৩,২৭৪ জনলৈ বৃদ্ধি পাইছে । এতিয়ালৈ মুঠ পজিটিভ লোকৰ হাৰ ৫.৯৭ শতাংশ ।

উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ অধীনত ৰাজ্যখনৰ কেইবাটাও মন্দিৰ পৰিচালনা কৰা টিটিডি হৈছে এক ন্যাস । মহাৰাষ্ট্ৰৰ শিৰধী সাই বাবা মন্দিৰকে ধৰি আন কেইবাটাও মন্দিৰে ইতিমধ্যে ভক্তৰ মন্দিৰ দৰ্শন স্থগিত ৰাখিছে । ইফালে, দেশত এতিয়ালৈ মুঠ ১২,৯২৮,৫৭৪ জন আক্ৰান্ত হৈছে । বিপৰীতে ১৬৬,৮৯২ জনে প্ৰাণ হেৰুৱাইছে । লগতে ১১,৮৫১,৩৯৩ জন আৰোগ্য হৈ উঠিছে ।

লগতে পঢ়ক: টিডিপি শূন্য হ’ল তেলেংগানাৰ বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.