ETV Bharat / bharat

অঞ্জনাড্ৰি পবন পুত্ৰ হনুমানৰ ওপজা স্থান বুলি প্ৰমাণ কৰিব বিচাৰে টিটিডিৰ সাধুৱে

তিৰুমালা তিৰুপতি দেৱস্থানমছে প্ৰমাণ কৰিব বিচাৰে যে, ভগৱান অঞ্জনেয়া স্বামীৰ জন্ম অঞ্জনাড্ৰি পৰ্বতত হৈছিল । তেওঁলোকে কৰা এই দাবী প্ৰমাণিত কৰিবলৈ সাধুসকলক লৈ এখন সমিতিও গঠন কৰা হৈছে ।

author img

By

Published : Dec 17, 2020, 1:15 PM IST

অঞ্জনাড্ৰি পবন পুত্ৰ হনুমানৰ ওপজা স্থান বুলি প্ৰমাণ কৰিব বিচাৰে টিটিডিৰ সাধুৱে
অঞ্জনাড্ৰি পবন পুত্ৰ হনুমানৰ ওপজা স্থান বুলি প্ৰমাণ কৰিব বিচাৰে টিটিডিৰ সাধুৱে

নেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ: ভগৱান অঞ্জনেয়া স্বামীৰ জন্ম অঞ্জনাড্ৰি পৰ্বতত হৈছে নে নাই সেই কথাৰ সত্যতা বিশ্লেষণ আৰু প্ৰমাণিত কৰাৰ বাবে তিৰুমালা তিৰুপতি দেৱস্থানমছে বুধবাৰে সাধুসকলৰ এখন সমিতি গঠন কৰে । কাৰ্যকৰী বিষয়া কে এছ জৱাহৰ ৰেড্ডীয়ে কয় যে, 'ঐতিহাসিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ প্ৰতি লক্ষ্য ৰাখি এখন সমিতি গঠন কৰা হৈছে আৰু এই সমিতিয়ে গৱেষণা আৰু প্ৰমাণ কৰিব যে, ভগৱান অঞ্জনেয়া স্বামীৰ আবিৰ্ভাৱ তিৰুমালাত হৈছিল ।'

তেওঁ লগতে কয় যে, বিভিন্ন মন্দিৰৰ স্থানীয় ইতিহাস অনুসৰি পবন পুত্ৰ, মহাবলী হনুমান জন্মস্থান সন্দৰ্ভত বিভিন্নতা দেখা যায় । একাংশ সাধুৱে কৈছে যে, তিৰুমালা পৰ্বতমালাৰ মাজত অঞ্জনাড্ৰি পৰ্বতত ভগৱান অঞ্জনেয়া স্বামীৰ জন্ম হৈছিল । ইয়াৰ পিছতে তেওঁ সমিতিখনক এই বিষয়ে গৱেষণা কৰাৰ লগতে প্ৰমাণিত কৰিবলৈ কয় । ৰেড্ডীৰ মতে, আধুনিক সময়ত ভগৱান ভেংকটেশ্বৰাৰ সকলো ভক্তৰে অঞ্জনাড্ৰিৰ প্ৰতি বিশাস আৰু শ্ৰদ্ধা ক্ৰমাৎ দৃঢ় হৈছে ।

বুধবাৰৰ ৰেড্ডীৰ সৈতে হোৱা বৈঠকত বহু কেইগৰাকী সাধুৱে হনুমানৰ ওপজা স্থান সন্দৰ্ভত ব্যাখ্যা আগবঢ়াৱলৈ গৈ স্কন্দ পুৰাণ, বৰাহ পুৰাণ, পদ্ম পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, ভৱিষ্যযাত্ৰা পুৰাণ আৰু ভেকটচালা মহত্যৰ শ্লোক উচ্চাৰণ কৰে । ৰেড্ডী জন্মস্থানৰ বিষয়ে গৱেষণা কৰি প্ৰমাণিত কৰিবলৈ সাধুসকলক আহ্বান জনায় ।

লগতে পঢ়ক:মৃত্যুৰ ৯ দিনৰ পিছত স্ব-গৃহলৈ অনা হ'ল বিজেপি কৰ্মী উলেন ৰয়ৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.