ETV Bharat / bharat

হনুমানৰ জন্মস্থানৰ ৰহস্য ফাদিল কৰিব ভাৰতৰ এটা স্বতন্ত্ৰ ন্যাসে

author img

By

Published : Apr 20, 2021, 1:34 PM IST

ভাৰতৰ অন্যতম স্বতন্ত্ৰ ন্যাস তিৰুমালা তিৰুপতি দেৱাস্তানমে ৰাম নৱমীত ভগৱান হনুমানৰ মূল জন্মস্থান ঘোষণা কৰিবলৈ সাজু হৈছে । টিটিডি বিষয়াসকলে ঐতিহাসিক প্ৰমাণ, গৱেষণাৰ বিৱৰণ আৰু চিৰালাৰ এজন পণ্ডিত চিদাম্বৰা শাস্ত্ৰীয়ে দাখিল কৰা তথ্যৰ আধাৰত প্ৰকাশ কৰিব জন্মস্থানৰ নাম।

হনুমানৰ জন্মস্থানৰ ৰহস্য ফাদিল কৰিব ভাৰতৰ এটা স্বতন্ত্ৰ ন্যাসে
হনুমানৰ জন্মস্থানৰ ৰহস্য ফাদিল কৰিব ভাৰতৰ এটা স্বতন্ত্ৰ ন্যাসে

নেশ্যনেল ডেস্ক, ২০ এপ্ৰিল: হিন্দু ধৰ্মৰ এগৰাকী দেৱতা হনুমানৰ অস্তিত্বকলৈ বিভিন্ন মহলত চৰ্চা চলি থকাৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ এটা বিখ্যাত ন্যাসৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে । কাৰণ তিৰুমালা তিৰুপতি দেৱাস্তানাম (টিটিডি)য়ে অতিশীঘ্ৰে ঘোষণা কৰিব ভগৱান হনুমান জন্মস্থান । ঐতিহাসিক সমল আৰু চিৰালাৰ এগৰাকী বিশিষ্ট পণ্ডিতৰ গৱেষণাৰ তথ্যৰ ওপৰত ভিত্তি কৰি হনুমানৰ জন্মস্থানৰ কথা ঘোষণা কৰিব । বিভিন্ন পৌৰাণিক কাব্যৰ মতে হনুমান আছিল তেলেগু ব্যক্তি ।

ইয়াৰ মাজতে প্ৰকাশম জিলাৰ চিৰালাৰ চিদাম্বৰা শাস্ত্ৰীয়ে দাবী কৰা মতে তিৰুমালা পাহাৰৰ অঞ্জনাদ্ৰী আছিল হনুমানৰ প্ৰকৃত জন্মস্থান । তেওঁ পৰশৰা সম্হুটগা নামৰ হনুমানৰ ওপৰত লিখা এখন বিশেষ গ্ৰন্থ অধ্যয়ন কৰিছিল । ১৯৭২ চনত তেওঁ হনুমানৰ জন্মস্থান আৰু ইতিহাসৰ ওপৰত গৱেষণা কৰিছিল আৰু টিটিডিক এই সন্দৰ্ভত প্ৰবন্ধ আৰু প্ৰতিবেদন দাখিল কৰিছিল । এতিয়া তেওঁ এই সম্পৰ্কত প্ৰমাণ দাখিল কৰিব বুলি আশা কৰা হৈছে । উপযুক্ত প্ৰমাণৰ ভিত্তিত গৱেষকগৰাকীয়ে হনুমানৰ জন্মস্থান ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

অৱশ্যে, হনুমানৰ জন্মস্থানকলৈ বিভিন্ন জনে পূৰ্বে বহু মন্তব্য কৰিছে । গোপালানন্দ বাবাই শেহতীয়াকৈ কৈছিল যে হনুমানৰ জন্মস্থান ঝাৰখণ্ড । গোবিন্দানন্দ সৰস্বতীয়ে দাবী কৰা মতে হনুমানৰ জন্মস্থান কৰ্ণাটকৰ হাম্পিৰ কিশকিন্দাত ।

পূৰ্বৰ এই দাবী সমূহ অশ্বীকাৰ কৰি চিদাম্বৰা শাস্ত্ৰীয়ে কয় যে তিৰুমালা পাহাৰৰ অঞ্জনাদ্ৰী হনুমানৰ প্ৰকৃত জন্মস্থান আছিল । এই কথা সত্য প্ৰমাণিত কৰিবলৈ শাস্ত্ৰীয়ে থালাপথ্ৰাৰ ৰূপত শ্ৰীপৰাশৰা সংহিতা নামৰ এখন সংস্কৃত মহাকাব্য তেলেগুলৈ অনুবাদ কৰিছিল । বহু পৌৰাণিক গ্ৰন্থৰ পৰা তথ্য সংগ্ৰহৰ পিছত তেওঁ এই গ্ৰন্থখন লিখি উলিয়াইছিল ।

শাস্ত্ৰীয়ে দাবী কৰে যে হনুমানৰ জন্মস্থান অঞ্জনাদ্ৰী আৰু তেওঁ যে তেলেগু সম্প্ৰদায়ৰ আছিল তাক প্ৰমাণ কৰিবলৈ তেওঁৰ জীৱনৰ অন্যতম লক্ষ্য আছিল । তেওঁ লগতে কয় যে দশকজোৰা যুদ্ধৰ অন্তত তেওঁ ফল লাভ কৰিবলৈ সক্ষম হৈছে যাৰ বাবে জাপালি তিৰথমত এটা মন্দিৰ নিৰ্মাণৰো পৰিকল্পনা কৰিছে শাস্ত্ৰীয়ে ।

লগতে পঢ়ক:ৰে'লৰ সন্মুখত জাপ দি শিশুৰ প্ৰাণ ৰক্ষা ৰে'লৱে কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.