নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ত্ৰিপুৰাৰ প্ৰাক্তন কংগ্ৰেছ নেতা তথা ত্ৰিপুৰা ইণ্ডিজিনিয়াছ প্ৰ'গ্ৰেছিভ ৰিজিঅ'নেল এলায়েঞ্চৰ চমুকৈ টিআইপিআৰএৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ৰাজ্যখনৰ আঞ্চলিক দলসমূহক তেওঁৰ দলৰ সৈতে মিত্ৰজোঁটৰ বাবে আহ্বান জনাইছিল । তেওঁৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ইতিমধ্যে বহু দলে তেওঁৰ সৈতে যোগাযোগ কৰাৰ লগতে দলটোৰ লগত মিত্ৰতাৰ বাবে আগবাঢ়ি আহিছে ।
শাসকীয় বিজেপি-আইপিএফটি মিত্ৰজোঁট চৰকাৰৰ শাসকীয় মিত্ৰদল আইপিএফটিৱে আনুষ্ঠানিকভাৱে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ টিপ্ৰা ইণ্ডিজিনিয়াছ প্ৰ'গ্ৰেছিভ ৰিজিঅ'নেল এলায়েঞ্চ চমুকৈ টিপ্ৰাৰ সৈতে মিত্ৰতা ঘোষণা কৰে । থলুৱা লোকসকলৰ বাবে এক সামাজিক সংগঠন হিচাপে কাম-কাজ আৰম্ভ কৰিছিল টিআইপিআৰএ । পৰৱৰ্তী সময়ত দলটোৱে এক সম্পূৰ্ণ ৰাজনৈতিক দললৈ ৰূপান্তৰিত কৰে আৰু ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদ এলেকাত কম সংখ্যক একাংশ সৰু ৰাজনৈতিক সংগঠন যেনে টিপ্ৰালেণ্ড ৰাজ্যিক দল চমুকৈ টিএছপি আৰু আইপিএফটি টিপ্ৰাই মিত্ৰতাৰ ইঙ্গিত দিয়ে ।
শুকুৰবাৰে দুখনকৈ সংবাদমেলত টিআইপিআৰএৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে পৰৱৰ্তী জিলা পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে । লগতে তেওঁ টিএছপি নতুন মিত্ৰতাৰ ঘোষণা কৰে । তেওঁ সংবাদমাধ্যমক জনোৱা মতে মিত্ৰজোঁটৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দাবী হ'ব এক বৃহৎ টিপ্ৰালেণ্ড যাৰ উদ্দেশ্য হ'ব বিশ্বৰ ভিন্ন প্ৰান্তত থকা ত্ৰিপুৰাৰ নাগৰিকৰ উন্নয়ন । লগতে তেওঁ কয় যে যদি পৰিষদ গঠন কৰিবলৈ সক্ষম হয় তেনেহলে প্ৰথম অধিৱেশনতে টিপ্ৰালেণ্ডৰ বাবে এক বিধেয়ক পাছ কৰিব ।
প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে 'থাঞ্চা (একতা)' আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা মিত্ৰজোঁটসমূহ টিপিআৰএ, আইপিএফটি, টিএছপি আৰু অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলে শুকুৰবাৰে এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি দলবোৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । উক্ত সংবাদমেলত প্ৰদ্যুতে কয় যে ৯৫ শতাংশ ৰাজনৈতিক দল একতাৰ আহ্বানত যোগদান কৰিছে । তাৰ বাবে তেওঁ চিৰ কৃতজ্ঞ । লগতে তেওঁলোকৰ দলৰ ভিতৰচৰাৰ বিভাজনে ৰাজ্যখনত সাৰ্বজনীন বিকাশৰ লক্ষ্য বিভেদৰ সৃষ্টি কৰিছে সেয়া দলটোৰ ৭১ বছৰীয়া পুৰণি ইতিহাসত দেখিবলৈ পোৱা গৈছে বুলিও কয় । গতিকে ৰাজ্যখনৰ বাবে উন্নয়নমূলক কাম কৰিব লাগিব বুলি কয় ।
তেওঁ কয়, এই মিত্ৰতা আসন ভাগ-বতৰাৰ বাবে নহয়, কিন্তু তিপৰালেণ্ডৰ আদৰ্শৰ ধাৰণাৰ বাবেহে এই মিত্ৰতা । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ বাহিৰত বসবাস কৰা লোকসকলৰ বাবে এটা উন্নয়ন পৰিষদ থাকিব য'ত তেওঁলোকে তেওঁলোকৰ সমস্যাসমূহৰ কথা অৱগত কৰিব পাৰিব । এইসকল লোকে এক ঐক্যবদ্ধ দল গঠন হোৱাটো বিচাৰে নে নাই তাৰ ওপৰত ভিত্তি কৰি ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব ।
ইফালে, আইপিএফটিৰ সাধাৰণ সম্পাদক মেভাৰ কুমাৰ জামাতিয়াই বিজেপিৰ সৈতে মিত্ৰতা অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে । কিয়নো তেওঁলোকে ইতিমধ্যে ৰাজ্যিক বিধানসভাত মিত্ৰতা থকা স্বত্বেও লোকসভা নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা আগবঢ়াইছে বুলিও কয় । দুয়োটা দলে অহা ২৪ ফেব্ৰুৱাৰীত ত্ৰিপুৰাৰ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ খুমুলৱংস্থিত মুখ্য কাৰ্যালয়ৰ পৰা উলিয়াব এক যুটীয়া ৰাজহুৱা সমদল ।
লগতে পঢ়ক:ত্ৰিপুৰাত পুনৰ কৰ'ণাৰ সংক্ৰমণ, নতুনকৈ আক্ৰান্ত ২৬ গৰাকী