আগৰতলা, 1 মে' : ত্ৰিপুৰা ট্ৰাইবেল কাউন্সিল অঞ্চল সমূহৰ উন্নয়নমূলক দিশসমূহৰ বিষয়ে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শুকুৰবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টিপ্ৰা ম'থাৰ প্ৰধান প্ৰদ্যুত কিশোৰ দেৱবৰ্মন আৰু নৱ নিৰ্বাচিত ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ মুখ্য কাৰ্যবাহী সদস্য আৰু নতুন পৰিষদৰ কাৰ্যবাহী সদস্য সকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷
এই বৈঠকে ৰাজনৈতিক বিৰোধী সকলক একেখন চালিৰ তলত একগোট কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক খনক বহু কেইগৰাকী ৰাজনৈতিক বিশ্লেষকে ৰাজ্যৰ ৰাজনীতিত এক নতুন ৰাজনৈতিক অধ্যায় হিচাপে আখ্যা দিছে ৷
ইফালে বৈঠকৰ কিছু আভাস প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, টিপ্ৰা ম'থাৰ প্ৰধান প্ৰদ্যুত কিশোৰ দেৱবৰ্মন আৰু মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণ চন্দ্ৰ জামাতিয়া আৰু তেওঁৰ মন্ত্ৰীসভাৰ সৈতে এক ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে এইবুলিও কয় যে, প্ৰধানমন্ত্ৰীৰ সবকা সাথ সবকা বিকাশৰ আহ্বান পালন কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ লগতে খিলঞ্জীয়া লোকৰ উন্নয়নৰ বাবে একত্ৰিত প্ৰয়াস চলোৱা হ'ব ৷
লগতে পঢ়ক: ব্ৰু ৰিফিউজীৰ পুনৰ সংস্থাপন কেন্দ্ৰ পৰিদৰ্শন বিপ্লৱ দেৱৰ