ত্ৰিপুৰা, 19 এপ্ৰিল : ত্ৰিপুৰা স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত প্ৰাৰ্থী সকলে ৷ উল্লেখ্য যে, ত্ৰিপুৰা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতে জনজাতি অধ্যুষিত অঞ্চলত এক ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷
এই হিংসাত্মক ঘটনাৰ প্ৰতিবাদ কৰাৰ লগতে টিআইপিআৰএ মোথাৰ কৰ্মীসকলে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি শপত গ্ৰহণ অনুষ্ঠান বৰ্জন সিদ্ধান্ত গ্ৰহণ কৰে বিজেপিৰ নিৰ্বাচিত কৰ্মী সকলে ৷ এই কথা সদৰি কৰিছে বিজেপিৰ জিলা পৰিষদৰ সদস্য বিমল কান্তি চাকমাই ৷ উল্লেখ্য যে, 19 এপ্ৰিলত অৰ্থাৎ আজি অনুষ্ঠিত হ'ব ত্ৰিপুৰা স্বায়ত্ব শাসিত পৰিষদৰ নৱনিৰ্বাচিত সদস্য সকলৰ শপত গ্ৰহণ অনুষ্ঠান ৷
ত্ৰিপুৰা স্বায়ত্ব শাসিত পৰিষদৰ বাবে বিজেপিৰ 9 জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিল ৷ এই 9 জন প্ৰাৰ্থী শপত গ্ৰহণ বাবে সুকীয়াকৈ দিন ধাৰ্য কৰিবলৈও দাবী জনোৱা হৈছে ৷ বিজেপিৰ জিলা পৰিষদৰ সদস্য বিমল কান্তি চাকমাই সংবাদমেল সম্বোধন কৰি সদৰি কৰা মতে ইতিমধ্যে ত্ৰিপুৰা ৰাজ্যপাললৈ বিজেপিৰ 9 জন প্ৰাৰ্থী দিন ধাৰ্য কৰাৰ পত্ৰও প্ৰেৰণ কৰা হৈছে ৷
চাকমাই কয়, টিটিএএডিচিৰ ফলাফলৰ সংঘটিত হিংসাত বহু ক্ষয় ক্ষতি হৈছে ৷ টিটিএএডিচিৰ অন্তৰ্গত বহু লোকে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছিল ৷ ঘৰ-সম্পত্তি এৰি অন্য ঠাইলৈ পলাই যাব লগীয়া হৈছিল ৷ ব্যক্তিগত লগতে বহু ৰাজহুৱা সম্পদ ধ্বংস হয় ৷ এই কাৰ্য সকলোবোৰ দোষ টিআইপিআৰএ মোথাৰ কৰ্মী সকলৰ ওপৰত জাপি দি এনে কাৰ্য সংবিধান বিৰোধী বুলি মন্তব্য প্ৰকাশ কৰে বিমল কান্তি চাকমাই ৷
টিটিএএডিচিৰ নিৰ্বাচনত 28 আসনৰ ভিতৰত 14 আসন লাভ কৰি ক্ষমতা লৈ যায় প্ৰদ্যুত কিশোৰ দেববৰ্মনৰ নেতৃত্বাধীন টিআইপিআৰএ মোথাই ৷ ইয়াৰ বিপৰীতে 9 খন আসন দখল কৰি বিৰোধী পক্ষত থাকে বিজেপি ৷
লগতে পঢ়ক: ৰাজ্যত প্ৰবাহিত কৰ’ণা সংক্ৰমণৰ দ্বিতীয় ঢৌ