ETV Bharat / bharat

Theog Road Accident: কেমেৰাত আৱদ্ধ শিহৰণকাৰী দুৰ্ঘটনাৰ ভিডিঅ’, থিতাতে মৃত্যু দুজনৰ

author img

By

Published : Aug 9, 2023, 10:02 AM IST

ভয়ংকৰ দুৰ্ঘটনাৰ ভিডিঅ’ আৱদ্ধ হ’ল লাইভ কেমেৰাত ৷ হিমাচল প্ৰদেশৰ ছিমলা জিলাৰ থিওগত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । দুজন লোকৰ থিতাতে মৃত্যু ৷

Road Accident in Theog Road
Etv Bharat
কেমেৰাত আৱদ্ধ শিহৰণকাৰী দুৰ্ঘটনাৰ ভিডিঅ’

নেশ্যনেল ডেস্ক, 9 আগষ্ট : হিমাচল প্ৰদেশৰ ছিমলা জিলাৰ থিওগত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোৰ ফলত থিতাতে এগৰাকী মহিলাসহ দুজন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি মঙলবাৰৰ সন্ধিয়া প্ৰায় 7 বজাত থিওগৰ ছৈলা কাইঞ্চিৰ সমীপৰ কোটখাইত আপেল ভৰ্তি এখন ট্ৰাক অনিয়ন্ত্ৰিত হৈ পথৰ দাঁতিত বাগৰি পৰে । ট্ৰাকখনে 3 খন গাড়ী আৰু এখন মটৰ চাইকেলত খুন্দা মাৰে ।

লাভ কৰা তথ্য অনুসৰি থিওগৰ ছ’লান অভিমুখে গৈ থকা আপেল ভৰ্তি এখন ট্ৰাক হঠাতে অনিয়ন্ত্ৰিত হৈ পথৰ কাষত বাগৰি পৰে । ট্ৰাকখনৰ নম্বৰ AP 39 Y 0919 ৷ যাৰ ফলত 3 খন গাড়ী আৰু এখন মটৰ চাইকেল ক্ষতিগ্ৰস্থ হয় । HP 30 0661 নম্বৰৰ এখন মাৰুতি গাড়ী ট্ৰাকখনৰ তলত সোমায় যোৱাৰ ফলত স্বামী-স্ত্ৰীৰ থিতাতে মৃত্যু হয় । নিহত স্বামী-স্ত্ৰীৰ নাম ক্ৰমে জুব্বল বাসিন্দা মোহন সিং নেগী (52 বছৰ) আৰু তেওঁৰ পত্নী আশা নেগী (43 বছৰ ) । দুয়োজনেই জুব্বালস্থিত নিজৰ ঘৰলৈ গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টাৰ অন্তত ট্ৰাকখন পথৰ দাঁতিলৈ লৈ যোৱা হয় । 2 টাকৈ জেচিবি মেচিনৰ সহায়ত পথৰ দাঁতিত তুলিবলৈ সক্ষম হয় ট্ৰাকখন । এই সময়তে ঘটনাস্থলীত উপস্থিত থাকে চিমলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ । একে সময়তে থিওগৰ উপ-আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ শৰ্মা, মহকুমাধিপতি মুকেশ শৰ্মা, তহচিলদাৰ বিবেক নেগীও উপস্থিত থাকে । উপস্থিত লোকৰ সহায়ত স্বামী-স্ত্ৰী দুয়োকে ট্ৰাকৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় প্ৰশাসনৰ লোকে ৷ ইয়াৰ পিছত সেই স্থানত উপস্থিত হোৱা চিকিৎসকৰ দলটোৱে স্বামী-স্ত্ৰীক মৃত ঘোষণা কৰে ।

দুৰ্ঘটনাটোৰ পিছত ছিমলা আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে থিওগ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মহকুমাধিপতি মুকেশ শৰ্মাই জনোৱা মতে, দুৰ্ঘটনাটোৰ বিষয়ে মৃতকৰ আত্মীয়ক অৱগত কৰা হৈছে । আপেল ভৰ্তি ট্ৰাকখন নাৰকোণ্ডাৰ পৰা সোলন অভিমুখে গৈ আছিল । ট্ৰাকখন ভুল দিশত গৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । শিহৰণকাৰী দুৰ্ঘটনাৰ ভিডিঅ’টোৱে সামাজিক মাধ্যমত লাভ কৰিবলৈ সক্ষম হৈছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক : Deadly National Highway: মাটি খহি মৰণফান্দৰ সৃষ্টি ৰাষ্ট্ৰীয় ঘাইপথত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.