ETV Bharat / bharat

যোগ চৰ্চাই ড্ৰাগছৰ পৰা বিৰত থকাত সহায় কৰিব:ড০ মানিক সাহা - Tripura yoga day

আন্তৰ্জাতিক যোগ দিৱসত ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি ড০ মানিক সাহাৰ গুৰুত্বপূৰ্ণ মন্তব্য । ৰাজ্যিক সভাপতিগৰাকীৰ মতে বৰ্তমান ড্ৰাগছৰ (Drugs) প্ৰতি আসক্ত হোৱা যুৱপ্ৰজন্মই যোগ চৰ্চাৰ জৰিয়তে সেই বেয়া অভ্যাসৰ পৰা মুক্তি লাভ কৰিব পাৰিব ।

Dr Manik Saha
যোগ চৰ্চাই ড্ৰাগছৰ পৰা বিৰত থকাত সহায় কৰিব
author img

By

Published : Jun 22, 2021, 7:13 PM IST

আগৰতলা,২২ জুন: প্ৰতিবছৰৰ দৰে এইবাৰো বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস(International Yoga Day) । ভাৰতৰ প্ৰতিখন ৰাজ্যৰ লগতে ত্ৰিপুৰাতো আয়োজন কৰা হৈছে যোগ দিৱসৰ বিশেষ কাৰ্যসূচী । এই দিৱসৰ লগত সংগতি ৰাখি ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক(Tripura State Bjp) সভাপতি ড০ মানিক সাহাৰ(Dr Manik Saha) গুৰুত্বপূৰ্ণ মন্তব্য । ৰাজ্যিক সভাপতিগৰাকীৰ মতে বৰ্তমান ড্ৰাগছৰ (Drugs) প্ৰতি আসক্ত হোৱা যুৱপ্ৰজন্মই যোগ চৰ্চাৰ জৰিয়তে সেই বেয়া অভ্যাসৰ পৰা মুক্তি লাভ কৰিব পাৰিব ।

কেৱল যুৱপ্ৰজন্মই নহয় সকলো বয়সৰ লোকেই যোগ চৰ্চাৰ জৰিয়তে এনে বেয়া অভ্যাসৰ পৰা মুক্তি লাভ কৰিব পাৰে । সাহাই আগৰতলাত সম্পম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে তেওঁৰ দলৰ দ্বাৰা আয়োজিত যোগ অভিযানত অংশগ্ৰহণ কৰিছিল । সেই অনুষ্ঠানতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী(Prime Minister) মোডীৰ বাবে যোগে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে । প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰসংঘত যোগৰ নামত এটা দিন উৎসৰ্গা কৰাৰ প্ৰস্তাৱ দিছিল যিটো সমগ্ৰ বিশ্বতে মুখ্যতঃ প্ৰচলিত হৈ আছে ।

যোগৰ বহু সুফল আছে, ই আভ্যন্তৰীণ আত্মা আৰু প্ৰকৃত অস্তিত্বৰ উপলব্ধি অন্বেষণ কৰাত সহায় কৰে । তেওঁ উল্লেখ কৰা মতে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ড্ৰাগছমুক্ত ত্ৰিপুৰাৰ আহ্বান জনাইছে । যোগ যদি কিছু প্ৰচেষ্টাৰে যুৱ সমাজৰ মাজত জনপ্ৰিয় হয় তেনেহ'লে ই ড্ৰাগছৰ বিপদক পৰাস্ত কৰাত গেম চেঞ্জাৰৰ(Game Changer) ভূমিকা পালন কৰিব পাৰে । সভাপতিগৰাকীৰ মতে যোগৰ সুফলৰ কথা বিবেচনা কৰিয়ে ইতিমধ্যে বহুতো যুৱক-যুৱতীয়ে ইয়াক গ্ৰহণ কৰি আছে ।

এই অনুষ্ঠানত মন্ত্ৰী ছাণ্টানা চাকমাইও অনুষ্ঠানটোত উপস্থিত আছিল । যোগ দিৱসৰ কাৰ্যসূচীত বহু পুৰুষ মহিলাও অংশগ্ৰহণ কৰা দেখা যায় । বিজেপিৰ কেইবাগৰাকী কৰ্মকৰ্তাইও ক'ভিড প্ৰট'কল পালন কৰি যোগ দিৱসত ভাগ লয় ।

উল্লেখ্য যে দেশৰ বহু যুৱপ্ৰজন্মৰ যুৱক যুৱতী নিষিদ্ধ ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা দেখা গৈছে । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াৰ পূৰ্বে যোগ চৰ্চাৰ বাবে আহ্বান জনাইছিল সেইসকল নৱপ্ৰজন্মৰ যুৱক-যুৱতীক । তেওঁ বিশ্বাস কৰে যে যোগ চৰ্চাই বেয়া অভ্যাস বোৰৰ পৰা বিৰত থকাত এজন ব্যক্তিক সহায় কৰে ।

লগতে পঢ়ক:উন্নয়নত হেঙাৰ হোৱা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব ত্ৰিপুৰা বিজেপি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.