ETV Bharat / bharat

নতুন নিযুক্তিক লৈ অসন্তুষ্ট ত্ৰিপুৰাৰ পশু চিকিৎসক

author img

By

Published : Jun 27, 2021, 5:16 PM IST

ত্ৰিপুৰাৰ পশু সম্পদ বিকাশ বিভাগত নতুন নিযুক্তি দিয়া হ'ব । কিন্তু এই নিযুক্তিত নাই সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ এটাও পদ । যাৰ বাবে অসন্তুষ্ট একাংশ চৰকাৰী চাকৰি প্ৰত্যাশী পশু চিকিৎসক ।

নতুন নিযুক্তিক লৈ অসন্তুষ্ট ত্ৰিপুৰাৰ পশু চিকিৎসক
নতুন নিযুক্তিক লৈ অসন্তুষ্ট ত্ৰিপুৰাৰ পশু চিকিৎসক

আগৰতলা, ২৭ জুন : ত্ৰিপুৰাত এইবাৰ প্ৰতিবাদত বহিল চৰকাৰী চাকৰিৰ পৰা বঞ্চিত একাংশ পশু চিকিৎসক (Veterinary doctor) । শেহতীয়া চৰকাৰৰ নিযুক্ত সম্পৰ্কীয় এক ঘোষণাকলৈ অসন্তুষ্ট চিকিৎসকসকল । বিসংগতিপূৰ্ণ নিযুক্তিৰ দাবীত সেয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে চিকিৎসকসকলে । মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক সাক্ষাৎ কৰিব নোৱাৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে বঞ্চিত চিকিৎসকসকলে ।

ৰাজ্যখনৰ পশু সম্পদ বিকাশ বিভাগ (Animal Resources Development Department) ১১৮ খালী পদৰ বিপৰীতে ১৬ টা পদত নিযুক্তি দিয়াৰ চিন্তা-চৰ্চা কৰিছে । আনকি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা মতে ৰাজ্যিক কেবিনেটে ১৬ টা পদৰ নিযুক্তিৰ এক প্ৰস্তাৱত অনুমোদন জনাইছে । কিন্তু জানিব পৰা মতে এই ১৬ টা পদৰ ভিতৰত এটাও UR অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ বাবে পদ নাই । ১৬ টা পদৰ ভিতৰত নটা অনুসূচীত জাতিৰ (scheduled caste) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আৰু বাকীবোৰ অনুসূচীত জনজাতিৰ (scheduled tribes) বাবে সংৰক্ষিত ।

এই খবৰ পোৱাৰ পিছতে অসন্তুষ্ট নিযুক্তিৰ সন্ধানত থকা চিকিৎসকসকল । যাৰ বাবে উক্ত বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে তেওঁক সাক্ষাৎ কৰিবলৈ আহে একাংশ নিযুক্তি প্ৰত্যাশী চিকিৎসক । কিন্তু আগতীয়া অনুমতি নোলোৱাৰ বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ নিদিলে আৰক্ষীয়ে ।

সেয়ে অৱশেষত ৰাজপথতে প্ৰতিবাদত বহিল চিকিৎসকসকল । প্ৰতিবাদকাৰীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ২০১৪ চনৰ পৰা ত্ৰিপুৰা পশু চিকিৎসা সেৱাৰ (Tripura veterinary service) পদৰ বাবে কোনো নিযুক্তি অভিযান আৰম্ভ কৰা হোৱা নাই । কিন্তু হঠাৎ মুখ্যমন্ত্ৰী সামাজিক মাধ্যমত উল্লেখ কৰিলে যে ১৬ পদত নিযুক্তি দিয়া হ'ব য'ত সাধাৰণ শ্ৰেণীৰ বাবে কোনো পদ কথা উল্লেখ কৰা হোৱা নাই ।

সেয়ে এই বিষয়টোত আলোচনাৰ বাবে মুখ্যমন্ত্ৰীক তেওঁলোকে সাক্ষাৎ কৰিবলৈ আহিছিল । অৱশ্যে ইয়াৰ পিছত অনুমতি লৈ এই বিষয়ত পুনৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলিও জনালে প্ৰতিবাদী চিকিৎসকসকলে ।

লগতে পঢ়ক: ইন্দিৰা গান্ধীৰ পৰাজয়ৰ পৰা মোডীয়ে শিক্ষা লোৱা উচিত: মানিক সৰকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.