নেশ্যনেল ডেস্ক,২৬ জুলাই : দেশজুৰি চৰকাৰে আৰম্ভ কৰিছে 'হৰ ঘৰ তিৰংগা' কাৰ্যসূচী (Har Ghar Tiranga campaign)। বিভিন্ন ৰাজ্যৰ চৰকাৰেও নিজৰ নিজৰ ৰাজ্যত এই কাৰ্যসূচী ৰূপায়ণৰ বাবে পদক্ষেপ হাতত লৈছে । ত্ৰিপুৰাতো এই কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন উদ্যোগ লৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই সোমবাৰে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে 'হৰ ঘৰ তিৰংগা' অভিযানৰ সফল ৰূপায়ণৰ বাবে ৰাজ্যখনত গ্ৰহণ কৰা পদক্ষেপসমূহ পৰিদৰ্শন কৰিবলৈ এক পৰ্যালোচনা বৈঠকৰ আহ্বান জনায় ।
'হৰ ঘৰ তিৰংগা' কাৰ্যসূচীৰ অংশ হিচাপে ত্ৰিপুৰা চৰকাৰে ৰাজ্যজুৰি ৫.৩৭ লাখ ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰিব । দেশজুৰি চলা এই কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি তথ্য আৰু সংস্কৃতি পৰিক্ৰমা বিভাগৰ সচিব অভিষেক চন্দ্ৰই কয় যে, ৰাজ্যখনৰ ৮ খন জিলাত ৫ লাখ ৪৫ হাজাৰ ৪৭৭ খন ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰা হ'ব (Tripura to use about 5 lakh Indian National Flags)। ইয়াৰ ভিতৰত হস্ততাঁত আৰু হস্তশিল্প উন্নয়ন বিভাগ, ত্ৰিপুৰা গ্ৰাম্য জীৱিকা মিছন (TRLM), ত্ৰিপুৰা নগৰ জীৱিকা মিছন আৰু কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে ৫ লাখ ৩৭ হাজাৰ ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱস্থা কৰা হ'ব ।
তেওঁ লগতে কয় যে এই পতাকাসমূহ ৩০ জুলাইৰ পৰা ৬ আগষ্টৰ ভিতৰত নিৰ্মাণ কৰা হ'ব ।
সচিবগৰাকীয়ে উল্লেখ কৰা মতে, ত্ৰিপুৰা গ্ৰাম্য জীৱিকা মিছনৰ জৰিয়তে ৫০ হাজাৰ কাগজৰ পতাকা, ১৬০০ খন দেৱালত লগোৱা ছবি, ২০০ খন টেবুল ফ্লেগ আৰু ৩৫ হাজাৰ ষ্টিকাৰ নিৰ্মাণ কৰা হ'ব । হৰ ঘৰ তিৰংগা' কাৰ্যসূচী সফল কৰাৰ বাবে তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিভিন্ন প্ৰচাৰ কাৰ্যসূচী হাতত লৈছে । ৰাজ্যজুৰি এই অভিযানৰ প্ৰচাৰৰ বাবে বঙালী আৰু হিন্দী ভাষাত বিভিন্ন অনুপ্ৰেৰণামূলক ভিডিঅ' নিৰ্মাণ কৰা হ'ব । তেওঁ উল্লেখ কৰা মতে পোষ্টাৰ আৰু পথৰ কাষত হৰ্ডিং আৰু ষ্টেণ্ডো লগোৱা হ'ব ।