ETV Bharat / bharat

পৰ্যটন খণ্ডক উৎসাহিত কৰিবলৈ 50 খন বৃহৎ ছাইনব’ৰ্ড স্থাপন কৰিব ত্ৰিপুৰা চৰকাৰে

author img

By

Published : Mar 14, 2022, 10:42 AM IST

পৰ্যটন খণ্ডক উৎসাহিত কৰাৰ বাবে ন ন কৌশল অৱলম্বন কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ ৰাজ্যখনৰ পৰ্যটন বিভাগে ইয়াৰ পৰ্যটন ক্ষেত্ৰসমূহৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে 50 খনতকৈও অধিক বৃহৎ আকৃতিৰ ছাইনব’ৰ্ড (Tripura to install 50 large signages) স্থাপন কৰাৰ সিদ্ধান্ত লৈছে ।

Tripura to install 50 large signages to boost its tourism sector
পৰ্যটন খণ্ডক উৎসাহিত কৰিবলৈ 50 খন বৃহৎ ছাইনব’ৰ্ড স্থাপন কৰিব ত্ৰিপুৰা চৰকাৰে

আগৰতলা, 14 মাৰ্চ : পৰ্যটন ক্ষেত্ৰক সদায়ে গুৰুত্ব দি আহিছে ত্ৰিপুৰা চৰকাৰে ৷ পৰ্যটকক আকৰ্ষণ কৰিবলৈ নতুন নতুন প্ৰচেষ্টা হাতত লৈছে ত্ৰিপুৰাৰ পৰ্যটন বিভাগে ৷ সোমবাৰে ৰাজ্যখনৰ পৰ্যটন বিভাগে (Tourism department of Tripura) ছ’চিয়েল মিডিয়া ফেচবুকত এই সন্দৰ্ভত এটা পোষ্ট আপলোড কৰিছিল ৷ য’ত সন্নিৱিষ্ট কৰা হৈছিল যে, ৰাজ্যখনৰ পৰ্যটন বিভাগে ইয়াৰ পৰ্যটন ক্ষেত্ৰসমূহৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে 50 খনতকৈও অধিক বৃহৎ আকৃতিৰ ছাইনব’ৰ্ড (Tripura to install 50 large signages) স্থাপন কৰাৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে, ত্ৰিপুৰাৰ পৰ্যটনথলীসমূহৰ ভিতৰত আছে আটাইতকৈ দীঘল পানীৰ প্ৰাসাদ, সপ্তম শতিকাৰ ভাৰতৰ ইতিহাস বিজড়িত উনাকোটি, ভাৰতৰ 51 খন শক্তিপীঠৰ অন্যতম- মাতাবাৰী, উত্তৰ-পূৱ ভাৰতৰ অধিকাংশ ৰাজকীয় প্ৰাসাদ, 100 তকৈও অধিক সৰু-বৰ দ্বীপ থকা ডাম্বুৰ হ্ৰদ, জাম্পুই পাহাৰ, উত্তৰ ভাৰতৰ আমাজন হিচাপে পৰিচিত চাবিমুৰা আদি ।

2018 চনত ৰাজ্যখনত বিজেপি চৰকাৰ গঠন (BJP government formed in Tripura in 2018) হোৱাৰ পিছত পৰ্যটকক আকৰ্ষিত কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ পৰ্যটকক আকৰ্ষিত কৰিবলৈয়ে পৰ্যটন বিভাগৰ তৰফৰ পৰা আগৰতলাৰ হেৰিটেজ পাৰ্ক আৰু উজজয়ন্ত প্ৰাসাদৰ সন্মুখত প্ৰথম চাইনব’ৰ্ড স্থাপন কৰা হৈছিল ।

লগতে চাওক: PM Modi meets three services chiefs : তিনি সেৱাৰ মুৰব্বীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.