ETV Bharat / bharat

ত্ৰিপুৰাত স্থাপন কৰা হ'ব ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় - ত্ৰিপুৰাৰ আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰতন লাল নাথ

ত্ৰিপুৰাত সকলো পৰ্যায়ৰ লোকৰ বাবে ন্যায় প্ৰদান ব্যৱস্থা উপলব্ধ কৰা আৰু ৰাজ্যখনৰ অনুশীলনকাৰী অধিবক্তাসকলৰ সহায়ক হোৱাকৈ এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আইন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব ৷ দেওবাৰে ত্ৰিপুৰাৰ আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰতন লাল নাথে প্ৰকাশ কৰে এই কথা ৷

ত্ৰিপুৰাত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব: ত্ৰিপুৰা আইন মন্ত্ৰী

author img

By

Published : May 10, 2021, 9:24 AM IST

আগৰতলা, 10 মে': ত্ৰিপুৰা চৰকাৰে শীঘ্ৰে ৰাজ্যখনত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আইন বিশ্ববিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্যখনত সকলো পৰ্যায়ৰ লোকৰ বাবে ন্যায় প্ৰদান ব্যৱস্থা উপলব্ধ হোৱাকৈ আৰু ৰাজ্যখনৰ অনুশীলনকাৰী অধিবক্তাসকলৰ সহায়ক হোৱাকৈ এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব বুলি দেওবাৰে ত্ৰিপুৰাৰ আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী ৰতন লাল নাথে প্ৰকাশ কৰে ৷ মোহনপুৰত প্ৰস্তাৱিত ন্যায়ালয়ৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে এই কথা প্ৰকাশ কৰে ৷

লগতে মন্ত্ৰীগৰাকীয়ে কয়, ত্ৰিপুৰা চৰকাৰে অভিবক্তাসকলৰ বাবে ইতিমধ্যে এক কল্যাণ পুঁজিৰ কাম আৰম্ভ কৰিছে ৷ লগতে মন্ত্ৰীগৰাকীয়ে দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহামাৰীৰ বিৰুদ্ধে সকলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায় ৷ প্ৰতিগৰাকী লোককে সাৱধানতা অৱলম্বন কৰাৰ বাবে অনুৰোধ কৰে ৷

ভূমি পূজন অনুষ্ঠানত বক্তব্য ৰাখি ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আকিল কুৰেশীয়ে মোহনপুৰত আদালত স্থাপন কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে ন্যায়াধীশ গৰাকীয়ে আশা প্ৰকাশ কৰি কয যে, প্ৰস্তাৱিত ন্যায়ালয়ৰ নিৰ্মাণ শীঘ্ৰেই আৰম্ভ হ'ব । এই অনুষ্ঠানত ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুভাষীশ তালাপাত্ৰা, ন্যায়াধীশ অৰিন্দম লোধ, ন্যায়াধীশ এছ জি চট্টোপাধ্যায়, অধিবক্তা প্ৰধান সিদ্ধাৰ্থ শবকৰ দে আৰু আইন বিভাগৰ অন্যান্য উচ্চ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক: ত্ৰিপুৰাত নিষিদ্ধ কফ চিৰাপসহ এজন সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.