ETV Bharat / bharat

ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা শিক্ষকৰ মৃত্যুৰ সংখ্যা 81লৈ বৃদ্ধি - tripura teacher protest

ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষকৰ মাজৰ 8000 গৰাকী শিক্ষকক পুনঃৰ্নিয়োগ কৰা হ‘লেও বিগত 31 মাৰ্চত তেওঁলোকৰ চাকৰিৰ ম্যাদ উকলে ৷ তাৰ পাছতে বৰ্খাস্ত হোৱা শিক্ষক সকলৰ তিনিটা সংগঠনে একত্ৰিত ভাৱে যোৱা 7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

tripura teacher protest going on
ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা শিক্ষকৰ মৃত্যুৰ সংখ্যা 81লৈ বৃদ্ধি
author img

By

Published : Jan 10, 2021, 9:18 PM IST

আগৰতলা, 10 ডিচেম্বৰ : ত্ৰিপুৰাত চাকৰি হেৰুওৱা 10,323 গৰাকী শিক্ষককৰ মাজৰ ৰুমি দেৱ বৰ্মাই আত্মহত্যা কৰাৰ পাছত গোমাটী জিলাৰ থালাচেৰা অঞ্চলৰ আন এগৰাকী শিক্ষকৰ মৃত্যু হয় ৷ ইয়াৰ লগে লগে ত্ৰিপুৰাত 10,323 গৰাকী শিক্ষককৰ ভিতৰত মৃত্যুৰ সংখ্যা 81 গৰাকীলৈ বৃদ্ধি হৈছে ৷ ইয়াৰ প্ৰতিবাদতে দেওবাৰে শিক্ষক সকলৰ তিনিটাকৈ সংগঠনৰ যৌথ উদ্যোগত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীক পানীৰ হিলৈৰ লগতে বৃহৎ সংখ্যত সুৰক্ষাকৰ্মী নিয়োগ কৰা হয় ৷

tripura teacher protest going on
ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা শিক্ষকৰ মৃত্যুৰ সংখ্যা 81লৈ বৃদ্ধি

আনহাতে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে ৷ তেও এই সন্দৰ্ভত কয় যে, "ৰাজ্য চৰকাৰে ইতিপূৰ্বে নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ তথা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ অনুৰোধ জনাইছে ৷ ইয়াৰ পাছতো যদি তেওঁলোকৰ নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিব বিচাৰে তেন্তে তেওঁলোকক বাধা দিয়াৰ মোৰ কোনো অধিকাৰ নাই ৷ এয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ৷ মুখ্যমন্ত্ৰীৰ ভাষ্যক পুনৰাই কৈ মই ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সদস্য হিচাপে তেওঁলোকক পুনৰ এবাৰ আবেদন জনাও যে তেওঁলোক পৰীক্ষা দিবলৈ আহক, অন্যথা কোনোবা বেলেগে চাকৰি লাভ কৰিবলৈ সক্ষম হ‘ব ৷ "

উল্লেখ্য যে, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 2014 বৰ্যত ভ্ৰান্ত নিয়োগ প্ৰক্ৰিয়াৰে চাকৰি লাভ কৰাৰ বাবে ৰাজ্যখনৰ 10,323 গৰাকী শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল ৷ এই শিক্ষক নিয়োগ প্ৰক্ৰিয়া আৰম্ভ হৈছিল 2010 চনত ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল তদানীন্তন বামপন্থী চৰকাৰে ৷ তাৰ পাছতে 2017 ৰায়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক বাহাল ৰাখে শীৰ্ষ আদালতে ৷ এই 10,323 গৰাকী শিক্ষকৰ মাজৰ 8000 গৰাকী শিক্ষকক পুনৰ্নিয়োগ কৰা হ‘লেও বিগত 31 মাৰ্চত তেওঁলোকৰ চাকৰিৰ ম্যাদ উকলে ৷ তাৰ পাছতে বৰ্খাস্ত হোৱা শিক্ষক সকলৰ তিনিটা সংগঠনে একত্ৰিত ভাৱে যোৱা 7 ডিচেম্বৰৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ তেওঁলোকৰ দাবী এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.