ETV Bharat / bharat

টিটিএডিচি ৰ নিৰ্বাচনৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ

author img

By

Published : Jan 8, 2021, 6:03 PM IST

Updated : Jan 8, 2021, 6:51 PM IST

টিটিএএডিচি ৰ নিৰ্বাচনত বিজয় ধ্বজা উৰুৱাবলৈ সাজু ত্ৰিপুৰা ৰাজ্যিক বিজেপি ৷ ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাটো নিশ্চিত বুলি মন্তব্য বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোণকৰৰ ৷ টিটিএএডিচি ৰ নিৰ্বাচনক ত্ৰিপুৰাৰ ৰাজনীতিত চেমি ফাইনেল বুলি আখ্যা ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী তথা জনজাতি মৰ্চাৰ জ্যেষ্ঠ নেতা জিষ্ণু দেৱবৰ্মাৰ ৷

tripura state bjp gears up for ttadc election

আগৰতলা, 8 জানুৱাৰী: ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ নিৰ্বাচনত বিজয় ধ্বজা উৰুৱাবলৈ বিজেপি দল সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোণকৰৰ ৷ শুকুৰবাৰে ত্ৰিপুৰাত উপস্থিত থাকি বিনোদ সোণকৰে মন্তব্য কৰে যে, টিটিএএডিচি ৰ নিৰ্বাচনৰ বাবে বুথ পৰ্যায়লৈকে দলৰ সংগঠন সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু এডিচি নিৰ্বাচনত দলে জয়লাভ কৰি পূৰ্বৰ ধাৰা বাহাল ৰাখিব ৷

টিটিএএডিচি ৰ নিৰ্বাচনক ত্ৰিপুৰাৰ ৰাজনীতিত চেমি ফাইনেল : জিষ্ণু দেৱবৰ্মা

ৰাজ্যিক বিজেপিৰ টিটিএএডিচি ৰ নিৰ্বাচন কমিটিৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পাছত সোণকৰে কয় যে, "দলৰ সাংগঠনিক কাম কাজ পৰ্যবেক্ষণৰ উদ্দেশ্যে মই পূৰ্বেও আহিছো আৰু দলীয় পৰিসৰ তথা উন্নয়ন পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক হিছাপে কিছুদিনৰ বিৰতিৰ মাজে মাজে ৰাজ্যখনলৈ আহি থাকিম ৷" দলৰ ৰাজ্যিক সংগঠনত কোনো খেলি মেলিৰ সন্মুখীন হৈছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, বুথ পৰ্যায়লৈকে বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী হৈ আছে ৷

উল্লেখ্য যে, টিটিএএডিচি ৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী তথা জনজাতি মৰ্চাৰ জ্যেষ্ঠ নেতা জিষ্ণু দেৱবৰ্মাই উক্ত নিৰ্বাচনক ত্ৰিপুৰাৰ ৰাজনীতিত চেমি ফাইনেল বুলি আখ্যা দিয়ে ৷ দেৱবৰ্মাই লগতে কয় যে যিকোনো সময়তে নিৰ্বাচনৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু সেয়ে এই সময় হৈছে সকলোৱে নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে উপযুক্ত সময় ৷

উপ মুখ্যমন্ত্ৰী গৰাকীয়ে দাবী কৰে যে তেওঁলোকৰ দলে ইতিমধ্যে টিটিএএডিচি ৰ উন্নয়নৰ বাবে যথেষ্টখিনি কাম কৰিছে ৷ তেওঁ কয় যে, তেওঁলোকে টিটিএএডিচি টেৰিটৰিয়েল কাউন্সিলক পুনৰ নামাকৰণ কৰাৰ বাবে কেন্দ্ৰৰ কাষ চপাৰ উপৰিও ৰাজ্যখনত সমষ্টিৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেও বিশেষ পদক্ষেপ হাতত লৈছে ৷ মিত্ৰতা সন্দৰ্ভতো সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "এইয়া বিজেপিৰ সভা ৷ মিত্ৰতা থাকিব নে নাথাকিব সেই সন্দৰ্ভত সময়ত সিদ্ধান্ত লোৱা হ'ব ৷ সদ্যহতে দলক নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰি তোলাটোৱে হৈছে প্ৰাৰম্ভিক লক্ষ্য ৷"

লগতে পঢ়ক: ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়কক হত্যাৰ ভাবুকি, ঘটনাৰ তদন্ত আৰম্ভ

Last Updated : Jan 8, 2021, 6:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.