আগৰতলা, ২১ জুলাই: ‘‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে গাঁৱৰ পৰা প্ৰতিভাসম্পন্ন খেলুৱৈ সকলক বিচাৰি উলিওৱাটোৱেই ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ প্ৰধান লক্ষ্য় ।’’ এই মন্তব্য় ত্ৰিপুৰাৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ । বৃহস্পতিবাৰে মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে, চৰকাৰ আৰু তেওঁৰ বিভাগৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে গাঁৱৰ পৰা খেলুৱৈ সকলক বিচাৰি উলিয়াই অনাটো (Sports Minister of Tripura Sushanta Chowdhury)।
ত্ৰিপুৰাৰ গোমতী জিলাত এক অনুষ্ঠান উদ্বোধন কৰি মন্ত্ৰী চৌধুৰীয়ে কয়, ‘‘দেশৰ একতা, ৰাষ্ট্ৰীয় সংহতি আৰু সংহতিৰ অনুভূতি ক্ৰীড়াৰ জৰিয়তে বিকশিত হয় । ৰাজ্য চৰকাৰে খেলুৱৈসকলৰ সামগ্ৰিক বিকাশৰ বাবে আন্তঃগাঁথনিগত বিকাশৰ ওপৰত কাম কৰি আছে । ৰাজ্য চৰকাৰৰ লক্ষ্য হ'ল খেলুৱৈসকলক গাঁও পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই অনাটো’’ ।
তেওঁ পুনৰ কয় যে, গোমতী জিলাৰ ৩৫ টা ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰক প্ৰায় ১৪ লাখ টকা খৰচ কৰি ক্ৰীড়া সঁজুলি প্ৰদান কৰা হৈছে । ইতিমধ্যে ১০০ গৰাকী শাৰীৰিক প্ৰশিক্ষক নিয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । ফুটবলৰ মান উন্নত কৰাৰ বাবে ৰাজ্যখনত আৰু পাঁচৰ পৰা সাতখন সংশ্লেষিত ফুটবল খেলপথাৰ নিৰ্মাণ কৰা হ'ব । ক্ৰীড়া সঁজুলি ক্ৰয় কৰাৰ বাবে ৰাজ্যখনৰ প্ৰায় ১৫০০ ক্লাৱক ২০ হাজাৰ টকাকৈ দিয়াৰ বাবে এক পদক্ষেপ লোৱা হৈছে ।
ইফালে, তেওঁৰ সৈতে যোগদান কৰা কৃষি মন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়ে কয় যে, চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো শিশুক ক্ৰীড়া ক্ষেত্ৰলৈ উলিয়াই অনাৰ বাবে উদ্যোগ লৈছে যাতে ক্ৰীড়াৰ জৰিয়তে সু-স্বাস্থ্য লাভ কৰিব পাৰি( Agriculture Minister Pranajit Singha Roy)। তেওঁ পুনৰ কয় যে, ৰাজ্যখনৰ বৰ্তমানৰ চৰকাৰে ৰাজ্যখনত আধুনিক ক্ৰীড়া আন্তঃগাঁথনি বিকাশৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
লগতে পঢ়ক:Tripura CM tested Covid positive : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ক’ভিড পজিটিভ