ETV Bharat / bharat

ত্ৰিপুৰাত তৰমুজ খেতিৰে উদ্যোগপতি হোৱাৰ সপোন এজন খেতিয়কৰ

author img

By

Published : Apr 23, 2021, 3:45 PM IST

দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত চাবৰুম সদৰৰ বিশ্বজিৎ মজুমদাৰে তৰমুজ খেতি কৰি এতিয়া ডাঙৰ উদ্যোগ স্থাপন কৰিছে । পূৰ্বে মাটি বন্ধকত লৈ খেতি কৰা বিশ্বজিতে এতিয়া প্ৰায় ৩২ একৰ ভূমিত নিজৰ খেতি সম্প্ৰসাৰিত কৰিছে । ত্ৰিপুৰা আইচিএআৰৰ সহযোগত তেওঁ এটা সৰিয়হ তেলৰ কল স্থাপন কৰিছে । নাবাৰ্ডৰ স্বীকৃতি পোৱা প্ৰগতিশীল কৃষক বিশ্বজিতৰ আশা নিজৰ অঞ্চলতে বিশাল বজাৰ থকা পেকেটযুক্ত সৰিয়হৰ তেল উৎপাদন কৰা ।

ত্ৰিপুৰাত তৰমুজ খেতিৰে উদ্যোগপতি হোৱাৰ সপোন এজন খেতিয়কৰ
ত্ৰিপুৰাত তৰমুজ খেতিৰে উদ্যোগপতি হোৱাৰ সপোন এজন খেতিয়কৰ

নেশ্যনেল ডেস্ক,২৩ এপ্ৰিল: ত্ৰিপুৰাত তৰমুজ খেতিৰে স্বাৱলম্বী হৈছে এগৰাকী খেতিয়ক । দক্ষিণ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত চাবৰুম সদৰৰ বিশ্বজিৎ মজুমদাৰে তৰমুজ খেতি কৰি এতিয়া ডাঙৰ উদ্যোগ স্থাপন কৰিছে । পূৰ্বে মাটি বন্ধকত লৈ খেতি কৰা বিশ্বজিতে এতিয়া প্ৰায় ৩২ একৰ ভূমিত নিজৰ খেতি সম্প্ৰসাৰিত কৰিছে । ত্ৰিপুৰা আইচিএআৰৰ সহযোগত তেওঁ এটা সৰিয়হ তেলৰ কল স্থাপন কৰিছে । নাবাৰ্ডৰ স্বীকৃতি পোৱা প্ৰগতিশীল কৃষক বিশ্বজিতৰ আশা নিজৰ অঞ্চলতে বিশাল বজাৰ থকা পেকেটযুক্ত সৰিয়হৰ তেল উৎপাদন কৰা ।

তৰমুজৰ খেতি সন্দৰ্ভত তেওঁ কয় যে তৰমুজ খেতি কৰিবলৈ এই বছৰ তেওঁ ২ একৰ ভূমি লীজত লৈছিল । উপাৰ্জনৰ বিষয়ে সোধাত কয় যে তৰমুজৰ জৰিয়তে তেওঁ ৫ লাখ টকাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে । বাহিৰত বিক্ৰী কৰাৰ বিপৰীতে তেওঁ দক্ষিণ ত্ৰিপুৰাৰ সাপ্তাহিক বজাৰত সেইবোৰ বিক্ৰী কৰিছিল । তৰমুজৰ উপৰি তেওঁ সৰিহয় কলও স্থাপন কৰিছে । তেওঁ প্ৰতি লিটাৰত ১৫০ টকা মূল্যত সৰিয়হ তেল বিক্ৰী কৰি আছে । ভৱিষ্যত সম্পৰ্কে তেওঁ কয় যে এটা পেকিং ইউনিটৰ সৈতে এই ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা আছে তেওঁৰ ।

তেওঁৰ মতে ত্ৰিপুৰাৰ প্ৰায় ৯০ শতাংশ মানুহে খাদ্যৰ বাবে সৰিয়হৰ তেল ব্যৱহাৰ কৰে । সেয়ে এই ক্ষেত্ৰত তেওঁ অধিক গুৰুত্ব দিয়াৰ কথা চিন্তা কৰিছে । কেৱল এয়াই নহয় অতি শীঘ্ৰে সৰিয়হ কলটো চলাবলৈ কোনো দায়িত্বশীল লোকক নিযুক্তি দিব বুলিও তেওঁ মন্তব্য কৰে ।

বিশ্বজিৎ আৰু তেওঁৰ কিছুমান কৃষক বন্ধুৱে চাব্ৰুমত বৃহৎ পৰিমাণৰ সৰিয়হ উৎপাদন কৰাৰ পিছত ২০১৭ চনত সমগ্ৰ দক্ষিণ ত্ৰিপুৰা জিলাত একমাত্ৰ সৰিয়হ তেল কল স্থাপন কৰা হৈছিল । আইচিএআৰৰ যুটীয়া সঞ্চালকজনে অঞ্চলটো পৰিদৰ্শন কৰিছিল আৰু কৃষকসকলক এটা তেল কল স্থাপন কৰিবলৈ কৈছিল । আইচিএআৰক তেওঁলোকৰ উৎসাহ আৰু সহায়ৰ বাবে বিশ্বজিতে ধন্যবাদ জ্ঞাপন কৰে ।

সম্প্ৰতি কৃষি কাৰ্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ত্ৰিপুৰাৰ এই লোকজনে । তেওঁৰ মতে প্ৰতিটো ধাৰণাৰে কিছুমান সম্ভাৱনা থাকে । কিবা এটা কৰাৰ পূৰ্বে চিন্তা কৰাটো প্ৰয়োজন কিন্তু ফলাফল বেয়া হ'ব বুলি বেছি চিন্তা কৰি থাকিলে কোনো সফল হ'ব নোৱাৰে ।

উল্লেখ্য যে মজুমদাৰে তেওঁৰ মাত্ৰ কেই একৰ মান মাটিত কৃষি আৰম্ভ কৰিছিল কিন্তু এতিয়া তেওঁৰ শস্যভূমি প্ৰায় ৩২ একৰলৈ সম্প্ৰসাৰিত হৈছে যাৰ ভিতৰত বেছি অংশ লীজ চুক্তিত আছে । তৰমুজ আৰু সৰিয়হৰ উপৰিও তেওঁ গাহৰি পালন, মীন পালন, পাচলি আৰু অন্যান্য শস্যৰ খেতিৰ সৈতেও জড়িত ।

লগতে পঢ়ক:এণ্টিলিয়া কাণ্ড:গ্ৰেপ্তাৰ আন এগৰাকী আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.