নেশ্যনেল ডেস্ক,২৪ মাৰ্চ: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী পাৰাস্তম্ভ উৰ্ধ্বগামী হৈছে । ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰচাৰ অভিযান চলাইছে ৰাজনৈতিক দলৰ নেতাসকলে । শাসকীয় বিজেপি-আইপিএফটিৰ বহু নেতাই ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত চিপিএমৰ পৰা ক্ষমতা নিজৰ হাতলৈ অনাৰ দৰে স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনতো জয়ী হোৱাৰ বাবে আশা কৰা যেন লাগিছিল ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_338.jpg)
কিন্তু এতিয়া শাসকীয় দল বিজেপি-আইপিএফটিৰ মিত্ৰজোঁটৰ এই সপোন বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত বহু কাৰকে বাধা হিচাপে থিয় দিছে । মঙলবাৰে, টিআইপিআৰএ আৰু বিজেপিকে ধৰি কেইবাটাও ৰাজনৈতিক দলে নিজৰ দলৰ লগতে মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ পৃথক স্থানত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে কৰে ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_358.jpg)
জিলা পৰিষদৰ নিৰ্বাচনত প্ৰাকক্ষণত আন দলৰ বাবে প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টিআইপিআৰএ ম'থা বৰ্তমান এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত জনসভাৰ জৰিয়তে দলটোৱে কৰা শক্তি প্ৰদৰ্শন বৰ্তমান আইপিএফটিৰ দৰে দলৰ প্ৰাৰ্থীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_152.jpg)
মঙলবাৰে, ৪ নং কৰমচাৰি, ৫ নং চাউমানু, ৬ নং মেনুচাইলেংটা আৰু ৭ নং ভীম চেৰা-কচুছাৰা সমষ্টিত টিআইপিআৰএৰ প্ৰাৰ্থীৰ সমৰ্থনত ধুমাছাৰাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় । প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ সভাত অংশগ্ৰহণ কৰে চাৰিওটা সমষ্টিৰে স্থানীয় লোকসকলে ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_335.jpg)
এই প্ৰচাৰ সভাত এন ইমেশ দেৱবাৰ্মা আৰু বিজয় ৰণখওলো উপস্থিত থাকে । প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে জনজতি মৰ্চা, জিএমপি আৰু আইপিএফটিৰ দৰে দলৰ প্ৰাৰ্থী ভোটদান নকৰিবলৈ আহ্বান জনালে ৰাইজক । তেওঁ কয় যে, বিগত ৭০ বছৰে উন্নয়নৰ সুবিধাই ত্ৰিপুৰাৰ ৰাইজক ঢুকি পোৱা নাই । সেইকাৰণে অধিকাৰ লাভ কৰিবলৈ ত্ৰিপুৰাৰ ৰাইজৰ হৈ তেওঁ ৰাজপথলৈ ওলাই আহিছে বুলি মন্তব্য কৰে ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_921.jpg)
টিআইপিআৰএই কাঞ্চনপুৰ মহকুমাৰ আনন্দ বজাৰত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাতো প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে অংশ লয় । মঙলবাৰে বিজেপি-আইপিএফটিৰ মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীৰ হৈ বিজেপিয়েও কাঞ্চনপুৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_109.jpg)
৩ নং আৰু ৪ নং কাঞ্চনপুৰৰ লোকসকলক বিজেপি প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায় বিজেপি নেতৃত্বই । এই সভাত কাঞ্চনপুৰ সংখ্যালঘু মৰ্চাৰ সভাপতি তাবলু বৰুৱা, বিজেপিৰ ৰাজ্যিক সম্পাদক ৰাজীৱ ভট্টাচাৰ্যৰ লগতে দলৰ আন নেতাসকলো এই কাৰ্যসূচীত উপস্থিত থাকে ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_1071.jpg)
আন দলৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে চিপিএমে । ৰাজ্যখনৰ ২৪ নং ৰাইমাভেলী এ ডি চি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে দলটোৱে । চিপিএম প্ৰাৰ্থী পাবিন ত্ৰিপুৰাৰ সমৰ্থনতো দুখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_415.jpg)
এই কাৰ্যসূচীত জি এম পি সভাপতি জিতেন চৌধুৰী আৰু প্ৰাক্তন বিধায়ক ললিত ত্ৰিপুৰাও উপস্থিত থাকে ।
![ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-poll-campaign_24032021023013_2403f_1616533213_415.jpg)
লগতে পঢ়ক: দৰমহাৰ দ্বাৰা আমি মহিলাসকলক তেওঁলোকৰ অৱদানৰ স্বীকৃতিহে দিব বিচাৰিছো: কমল হাচান