নেশ্যনেল ডেস্ক , ২ জুলাই : অৱশেষত আৰক্ষীৰ জালত পৰিল ত্ৰিপুৰাৰ খোৱাই জিলাত (Khowai District) সংঘটিত হোৱা গণ প্ৰহাৰ কাণ্ডৰ মূল অভিযুক্ত ৰিপন দেৱবাৰ্মা । তদন্তকাৰী বিষয়া তথা তেলিয়ামূৰাৰ মহকুমা আৰক্ষী অধীক্ষক সোণা চৰণ জামাতিয়াই জনোৱা মতে, ৰিপন দেৱবাৰ্মাক উত্তৰ মহাৰাণীপুৰস্থিত তেওঁৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে আৰক্ষী বিষয়াজনে এই সন্দৰ্ভত বিস্তৃত তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । উল্লেখ্য যে, যোৱা ২০ জুনত ত্ৰিপুৰাৰ খোৱাই জিলাৰ উত্তৰ মহাৰাণীপুৰত গৰু চুৰি কৰিবলৈ অহা বুলি সন্দেহ কৰি একাংশ লোকে তিনি জন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ।
ইয়াৰে এজন লোকে প্ৰাণ ৰক্ষাৰ বাবে পলায়ন কৰাৰ চেষ্টা কৰে যদিও মুংগিয়াকামিলৈকে একাংশ লোকে লোকজনক খেদি যায় । পিছত সংকটজনক অৱস্থাত আৰক্ষীয়ে তিনিওকে উদ্ধাৰ কৰে আৰু আগৰতলাৰ জি বি পণ্ট চিকিৎসালয়লৈ নিয়ে । কিন্তু গুৰুতৰভাৱে আহত লোককেইজনৰ মৃত্যু হয় । মৃত লোককেইজন হৈছে জৈদ হুছেইন, বিল্লাল মিয়া আৰু ছাইফুল ইছলাম ।
মৃত লোককেইজনৰ ঘৰ চেপাহিজালা জিলাত । এই হিংসাত্মক ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৪২, ৩০৭, ৩২৫ আৰু ৩৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয় । শেহতীয়াকৈ তেলিয়ামূৰাৰ মহকুমা আৰক্ষী অধীক্ষক সোণা চৰণ জামাতিয়াই জনাইছিল যে, দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে মোবাইল ফোনৰ অৱস্থান পৰীক্ষা কৰি আছে ।
টেলিকম কোম্পানীবোৰৰ পৰা এই সন্দৰ্ভত তথ্যও বিচাৰিছিল আৰক্ষীয়ে । আশ্চৰ্যজনকভাৱে তিনিজনকৈ লোকক অমানৱীয়ভাৱে প্ৰহাৰ কৰি হত্যাৰ পাছতো এই ঘটনা সন্দৰ্ভত অঞ্চলটোৰ ৰাইজে ভাষ্য প্ৰদান কৰাৰ পৰা বিৰত আছে । ৰাইজৰ পৰা আশা কৰা ধৰণে সঁহাৰি লাভ কৰা নাই বাবে আৰক্ষীয়ে মোবাইল ফোনৰ ৰেকৰ্ড বিচাৰিছে বুলি আৰক্ষীয়ে বিষয়াগৰাকীয়ে জানিবলৈ দিছিল ।
মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনাইছিল যে, কাৰ্যকৰী তদন্তৰ বাবে তিনিজনীয়া বিষয়াৰ এটা দল গঠন কৰা হৈছে । আৰক্ষী উপ-পৰিদৰ্শক জয়ন্ত দাসক তদন্তকাৰী বিষয়া হিচাপে নিযুক্ত কৰা হৈছে আৰু আন এজন উপ-পৰিদৰ্শক পৰ্যায়ৰ বিষয়াই তেওঁক তদন্তৰ সময়ত সহায় কৰি আছে । দোষীয়ে উপযুক্ত শাস্তি লাভ কৰিব বুলি আৰক্ষী বিষয়া জামাতিয়াই আশ্বাস দিছে ।
লগতে পঢ়ক:ৰন্ধন গেছৰ মূল্যবৃদ্ধিক লৈ প্ৰধানমন্ত্ৰী মোডীক ক্ষুৰধাৰ সমালোচনা পি চিদাম্বৰমৰ