ETV Bharat / bharat

কিশোৰী অপহৰণত অভিযুক্ত ত্ৰিপুৰা হিন্দু যুৱ পৰিষদৰ নেতা - Tripura minority girl kidnapping case

ত্ৰিপুৰাত এগৰাকী সংখ্যালঘু কিশোৰীৰ অপহৰণৰ সৈতে নাম সাঙুৰ খাইছে কেইবাগৰাকীয়ো হিন্দু জাতীয়তাবাদী নেতাৰ ৷ মুল অভিযুক্ত সুমন সৰকাৰক বিচাৰি তদন্ত অব্যাহত আছে ত্ৰিপুৰা আৰক্ষীৰ ৷

tripura-minority-girl-kidnapping-case-police-arrested-another-hindu-outfit-leader
কিশোৰী অপহৰণত অভিযুক্ত ত্ৰিপুৰা হিন্দু যুৱ পৰিষদৰ নেতা
author img

By

Published : Sep 4, 2021, 12:55 PM IST

আগৰতলা, 4 ছেপ্তেম্বৰ : কিশোৰী অপহৰণ অভিযোগত অভিযুক্ত হৈছে ত্ৰিপুৰা হিন্দু যুৱ পৰিষদৰ নেতা সুমন সৰকাৰ ৷ বিশাগড়ৰ চন্দ্ৰনগৰৰ বাসিন্দা সুমনক এগৰাকী সংখ্যালঘু কিশোৰীক অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিগত 24 জুলাইত ত্ৰিপুৰাৰ চাৰিলাম উত্তৰপাৰাৰ পৰা কিশোৰীগৰাকীক অপহৰণ কৰা বুলি বিশালগড় মহিলা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছিল কিশোৰীগৰাকীৰ পিতৃয়ে ৷

কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি আৰক্ষীয়ে এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ কিশোৰীগৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি তদন্তকাৰী আৰক্ষী বিষয়া স্বৰ্ণ দেৱবৰ্মাই তদন্ত প্ৰক্ৰিয়াত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে ৷ ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷

পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ শুকুৰবাৰে অভিযুক্ত সুমন সৰকাৰক পলাই যোৱাত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে ত্ৰিপুৰা হিন্দু যুৱ বাহিনীৰ আন এগৰাকী নেতা তপন দেৱনাথক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীৰ জেৰাত তপন দেৱনাথে স্বীকাৰ কৰে যে তেওঁ সুমন সৰকাৰক তেওঁৰ ভনীয়েকৰ ঘৰত লুকুৱাই ৰখাত সহায় কৰিছিল ৷ আনহাতে, ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সুমন সৰকাৰৰ পিতৃ ফালু সৰকাৰ আৰু এজন বন্ধুকো বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ তপন দেৱনাথে সদৰী কৰিছে যে, বিশালগড়ৰ বাপিৰাণী দাস নামৰ এগৰাকী মহিলাই অভিযুক্ত আৰু কিশোৰীগৰাকীক তপন দেৱনাথৰ ওচৰলৈ প্ৰেৰণ কৰে ৷ তপনে দুয়োকে এৰাতিৰ বাবে থকাৰ ব্যৱস্থা কৰি দিয়ে ৷

উল্লেখ্য যে, ত্ৰিপুৰা আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ত্ৰিপুৰা বিশ্ব হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ কৰকো চমন জাৰি কৰিছিল ৷ কেপিটেল কমপ্লেক্স আৰক্ষী চকী(New Capital Complex police station)ত তেওঁক কেইবাঘণ্টা ধৰি জেৰা কৰা হৈছিল ৷

লগতে পঢ়ক : বিশ্ব হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতিক ত্ৰিপুৰা আৰক্ষীৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.